বাক্সা,25 জানুৱাৰী :মংগলবাৰে সমগ্ৰ দেশতে উদযাপন কৰা হ’ব 72 সংখ্যক গণৰাজ্য দিৱস ৷ গণৰাজ্য দিৱস উপলক্ষে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্ততো অতি উলহ-মালহেৰে উদযাপন কৰা হ’ব 72 সংখ্যক গণৰাজ্য দিৱস ৷
গণৰাজ্য দিৱসৰ এদিন পূৰ্বে অৰ্থাৎ সোমবাৰে বাক্সা জিলাত পালন কৰা হৈছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ৷ বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা উলিওৱা হয় এক চাইকেল ৰেলী ৷ এই চাইকেল ৰেলী উদ্ধোধন কৰে বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই ৷