বাক্সা, ১৯ অক্টোবৰ:চাইবাৰ অপৰাধীয়ে এতিয়া এক প্ৰকাৰ আতংকিত কৰি তুলিছে সৰ্বসাধাৰণ জনতাক ৷ সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো এতিয়া সক্ৰিয় হৈ পৰিছে চাইবাৰ অপৰাধী (Cyber crime in India) ৷ এখনৰ পাচত আন এখন ৰাজ্যত বাঢ়ি গৈ আছে চাইবাৰ অপৰাধীৰ সংখ্যা ৷ শেহতীয়াভাৱে অসমত অতি ভয়ানক ভাৱে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা (Cyber crime in Assam) ৷ বিভিন্ন চল-চাতুৰিৰে এই চক্ৰটোৱে বহুজনৰ পৰা সৰকাইছে হাজাৰ হাজাৰ ধন ৷ ৰাজ্যখনত দৈনিক সংঘটিত হৈছে চাইবাৰ অপৰাধৰ ন ন ঘটনা ৷
এইবাৰ বাক্সাতো পোহৰলৈ আহিছে ঝাৰখণ্ডৰ জামতাৰাৰ পৰা চলাই যোৱা চাইবাৰ অপৰাধীৰ অধিপত্যৰ ঘটনা (Cyber crime in Baska) ৷ বুধবাৰে বাক্সা আৰক্ষীৰ জালত পৰিল ঝাৰখণ্ডৰ এটা চাইবাৰ অপৰাধী চক্ৰ ৷ জামতাৰা আৰক্ষীৰ সহযোগত বাক্সা আৰক্ষীয়ে চলোৱা অভিযানত জালত পৰিল ঝাৰখণ্ডৰ চাইবাৰ অপৰাধীৰ চক্ৰটোৰ সদস্য ৷ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে চলোৱা এই অভিযানত আৰক্ষীয়ে দুটা কুখ্যাত চাইবাৰী অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Cyber criminal arrest by Baska police) ৷
চাইবাৰ অপৰাধী চক্ৰটোৰ এজনে নিজকে বেংকৰ বিষয়া বুলি পৰিচয় দি ভুৱা ফোন কলেৰে বাক্সাৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত বনিয়াকুছিৰ এজন প্ৰাক্তন সেনা জোৱান অমৃত দাসৰ একাউণ্টৰ পৰা ধন লুট কৰিছিল ৷ পাছত ভুক্তভোগী প্ৰাক্তন সেনা জোৱানজনৰ অভিযোগৰ ভিত্তিত বাক্সা আৰক্ষীয়ে অনুসন্ধান চলাই জামতাৰা আৰক্ষীৰ সহযোগত কুখ্যাত অপৰাধী দুটাক গ্ৰেপ্তাৰ কৰি জিম্মাত লয় ৷
আৰক্ষীৰ জালত পৰা অভিযুক্ত দুজন হৈছে জামতাৰাৰ নাৰায়নপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ওৱাং কুদীয়া গাঁৱৰ আফজাল আনছাৰী আৰু আকতাৰ আনছাৰী ৷ এই দুজন অভিযুক্তই অসমৰ বিভিন্ন জিলাৰ ভিন্ন ব্যক্তিৰ পৰা ইতিমধ্যে মোটা পৰিমানৰ ধন সৰকাইছিল বুলি আৰক্ষীয়ে উল্লেখ কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে শিমলা থানাত এই দুই চাইবাৰ অপৰাধীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷