বাক্সা,4 জানুৱাৰীঃ এক আজৱ ঘটনা সংঘটিত হৈছে বাক্সাৰ এখন গাঁৱত বিদ্যুৎ সেৱা অবিহনেই পৰিশোধ কৰিব লগা হৈছে বিদ্যুৎ মাছুল ৷ তামুলপুৰ বিদ্যু উপ-সংমণ্ডলৰ অধীনষ্ঠ ভাৰত ভূটান সীমান্তৰ ১ নং ডোঙাৰগাঁৱৰ ৰাইজে ছমাহ ধৰি দেখা নাই বিদ্যুতৰ পোহৰ কিন্তু তথাপি প্ৰতি মাহে ভৰিবলগীয়া হৈছে বিদ্যুতৰ মাছুল ৷ সৰ্বমুঠ 22 টা পৰিয়ালে বসবাস এই 1 নং ডোঙাৰগাঁৱৰ অধিকসংখ্যক লোকেই দিন হাজিৰা কৰি খাটিখোৱা লোক ৷ আনহাতে গাঁওখনত উন্নত আন্তঃগাঁথনিৰে ইতিমধ্যেই বিদ্যুতৰ সংযোগ ব্যৱস্থাপনা আছে ৷ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে আছে মিটাৰ সংযোগৰো ব্যৱস্থা ৷ আনহাতে গাঁৱখনত উপলব্ধ হৈছে ট্ৰেন্সফৰ্মাৰ কিন্তু নাই বিদ্যুৎ সেৱাহে ৷
বিদ্যুৎ সেৱা অবিহনেই মাছুল পৰিশোধ কৰা এখন গাঁও
তামুলপুৰ বিদ্যু উপ-সংমণ্ডলৰ অধীনষ্ঠ ভাৰত ভূটান সীমান্তৰ ১ নং ডোঙাৰগাঁৱৰ ৰাইজে ছমাহ ধৰি দেখা নাই বিদ্যুতৰ পোহৰ কিন্তু তথাপি প্ৰতি মাহে ভৰিবলগীয়া হৈছে বিদ্যুতৰ মাছুল ৷ চাওক আমৰ এক বিশেষ প্ৰতিবেদন ৷
বিদ্যুৎ সেৱা অবিহনেই মাছুল পৰিশোধ কৰা এখন গাঁও
উল্লেখ্য যে বজ্ৰপাত পৰি বিগত বাৰিষাৰ সময়ৰে পৰা বিকল হৈ আছে ট্ৰেন্সফৰ্মাৰটো ৷ বহুদিন ধৰি দুৰ্ভোগ ভুগি থকা গাঁৱবাসীয়ে তামুলপুৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ত কেইবাবাৰো যোগাযোগ কৰিছিল যদিও আজিলৈকে কোনো ধৰণৰ সঁহাৰি লাভ নকৰিলে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ৷