অসম

assam

ETV Bharat / state

হোলী উদযাপন নকৰে চি আৰ পি এফেঃ শ্বহীদ মনেশ্বৰৰ পৰিয়ালেও জনালে আদৰণি - বাক্সা

আত্মঘাটী বোমাৰুৰ আক্ৰমণত দেশৰ চি আৰ পি এফৰ 40 জনকৈ জোৱান শ্বহীদ হোৱাৰ পাচতে হোলী উদযাপন নকৰাৰ সিদ্ধান্ত গ্ৰহণ বাহিনীটোৰ ৷ চি আৰ পি এফৰ হোলী উদযাপন নকৰা সিদ্ধান্তক আদৰণি শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালৰ ৷

হোলী উদযাপন নকৰে চি আৰ পি এফ বাহিনীয়ে

By

Published : Mar 21, 2019, 10:16 AM IST

বাক্সা, 21 মাৰ্চ : চিআৰ পি এফৰ হোলী উদযাপন নকৰা সিদ্ধান্তক আদৰণি জনাইছে শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালৰ লগতে গাঁওবাসীয়ে ৷

হোলী উদযাপন নকৰে চি আৰ পি এফ বাহিনীয়ে
কাশ্মীৰৰ পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীৰ আত্মঘাটীবোমাৰুৰ আক্ৰমণত দেশৰ চি আৰ পি এফৰ 40 জনকৈ জোৱান শ্বহীদ হোৱাৰ পাচতে হোলী উদযাপন নকৰাৰ সিদ্ধান্ত গ্ৰহণ বাহিনীটোৰ ৷ বুধবাৰে চি আৰ পি এফৰ সঞ্চালক আৰ আৰ ভট্টনাগৰে পুলৱামা আক্ৰমণত শ্বহীদ হোৱা জোৱানসকললৈ শ্ৰদ্ধাঞ্জলিজ্ঞাপন কৰি এইবেলি ৰঙৰ উৎসৱ হোলী উদযাপন নকৰাৰ সিদ্ধান্তৰ কথা অৱগত কৰে ৷ ইয়াৰ পাচতে চি আৰ পি এফ বাহিনীৰ এই সিদ্ধান্তক আদৰণি জনাইছে শ্বহীদ মনেশ্বৰ বসুমতাৰী পৰিয়াল আৰু বাক্সা জিলাৰ তামুলপুৰৰ শ্বহীদৰ গাঁওবাসীয়ে ৷

ABOUT THE AUTHOR

...view details