অসম

assam

ETV Bharat / state

কোভিড-১৯ ত আক্ৰান্ত বাক্সাৰ তামুলপুৰৰ এজন

প্ৰফুল্লৰ দেহত কোভিড ১৯ ধৰা পৰাৰ পিছতে তেওঁক গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

By

Published : May 20, 2020, 8:20 PM IST

Coviod 19 Affect at Tamlpur prafulla deka
কৰ‘ণা আক্ৰান্ত বাক্সাৰ তামুলপুৰৰ এজন

বাক্সা,20মেঃকোভিড-১৯ প্ৰতিৰোধৰ বাবে সমগ্র দেশজুৰি চতুৰ্থ পৰ্যায়ৰ বাবে লক ডাউন চলি থকাৰ সময়তে মংগলবাৰে নিশা তামুলপুৰ মহকুমা সদৰৰ দিঘিলীপাৰ গাঁৱৰ ৫৭ বছৰীয়া প্ৰফুল্ল ডেকা নামৰ এজন ব্যক্তিগত বাছ চালকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাত এই লৈ সমগ্র অঞ্চলটোত তীব্র চাঞ্চল্য অব্যাহত আছে ৷ প্ৰফুল্ল ডেকাৰ পত্নী কাবেৰী ডেকাই জনোৱা মতে লোকজনে লক ডাউন আৰম্ভ হোৱা দিনধৰি ঘৰতে আৱদ্ধ হৈ আছিল যদিও যোৱা ১৩ মে'ত তেওঁ কামকৰা বাছৰ মালিকে পশ্চিম বংগলৈ যাত্ৰী লৈ যোৱাৰ বাবে মাতি পঠিয়ায়। ১৪মে'ত তেওঁ চাংচাৰিত নিৰ্মান হৈ থকা AIIMSৰ কেইজনমান শ্ৰমিক লৈ পশ্চিম বঙ্গৰ মুৰ্শিদাবাদলৈ যায় ।

কৰ‘ণা আক্ৰান্ত বাক্সাৰ তামুলপুৰৰ এজন

তেওঁ শ্ৰমিক সকলক থৈ উভতি আহি ১৬ মে'ত শ্ৰীৰামপুৰৰ প্ৰবেশ পথত প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত প্ৰফুল্ল ডেকাক গুৱাহাটীৰ সৰুসজাইত থকা কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হয় । সৰু সজাইত থকা অৱস্থাতে মঙ্গলবাৰে সন্ধিয়া লোকজনৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে।প্ৰফুল্লৰ দেহত কোভিড ১৯ ধৰা পৰাৰ পিছতে তেওঁক গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ স্থানান্তৰ কৰা হয়। উল্লেখযোগ্য যে প্ৰফুল্ল ডেকা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি হোৱা হেতুকে তেওঁ কোভিড-১৯ ত আক্ৰান্ত হোৱাত তেওঁৰ পত্নী, পুত্ৰ, কন্যাৰ লগতে চিন্তিত হৈ পৰিছে আত্মীয়স্বজনো । আনহাতে এই খবৰ লাভ কৰি আজি তামুলপুৰ প্ৰাথমিক কেন্দ্ৰৰ এটি চিকিৎসা কৰ্মীৰ দলে ডিঘিলীপাৰ গাৱলৈ গৈ প্ৰফুল্ল ডেকাৰ পৰিয়ালৰ আটাইবোৰ সদস্যৰে স্বৱাৱ সংগ্ৰহ কৰাৰ লগতে পৰিয়ালটিক হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে ।

লগতে পঢ়কঃ ঘৰৰ অতিৰিক্ত বিচনা কোৱাৰেন্টাইন কেন্দ্ৰত দান কৰিবলৈ আহ্বান দৰঙৰ উপায়ুক্তৰ

ABOUT THE AUTHOR

...view details