বাক্সা, ১৯ মে ':সমগ্ৰ দেশতে কৰ’ণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তেই বাক্সা জিলাৰ স্বাস্থ্য বিভাগে সচেতনতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে । বাক্সা জিলাত ক'ভিড -১৯ ৰ পৰীক্ষা তীব্ৰ গতিৰে কৰিছে জিলা স্বাস্থ্য বিভাগে ।
জিলাখনৰ বৰমা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ও বৰমা সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ তত্বাৱধানত বুধবাৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত পথচাৰীৰো ক'ভিড-১৯ টেষ্ট কৰা পৰিলক্ষিত হয় । অৱশ্যে চিকিৎসাকৰ্মী সকলে জানিবলৈ দিয়া অনুসৰি ক’ভিড পৰীক্ষা কৰা এজনো পথচাৰীৰ দেহত ক’ভিড-19ৰ অৱস্থিতি ধৰা পৰা নাই ।
উল্লেখ্য যে, বাক্সা জিলাত ক্ৰমান্বয়ে ক'ভিড মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে । জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘন্টাৰ ভিতৰত বাক্সা জিলাত নতুনকৈ ৭৭ গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷