অসম

assam

ETV Bharat / state

বাক্সাৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত উপায়ুক্তৰ বৈঠক

বাক্সা জিলাত ক'ভিডসৃষ্ট পৰিৱেশ সন্দৰ্ভত উপায়ুক্ত ৰঞ্জন শৰ্মাৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ বিষয়া সকল এক বৈঠকত মিলিত হয় ৷ ক'ভিড আক্ৰান্ত লোকে যাতে মুকলিকৈ ঘূৰা-ফুৰা কৰি থাকিব নোৱাৰে, তাৰ বাবে ক'ভিড পৰীক্ষা কেন্দ্ৰ সমূহত তেনে লোকক হাস্পতাললৈ নিয়াৰ বাবে একোখনকৈ এম্বুলেন্সৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ জাৰি কৰে উপায়ুক্ত গৰাকীয়ে ।

বাক্সাৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত উপায়ুক্তৰ বৈঠক
বাক্সাৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত উপায়ুক্তৰ বৈঠক

By

Published : May 17, 2021, 9:53 PM IST

বাক্সা,17 মে’: সোমবাৰে বাক্সা জিলাত ক'ভিডসৃষ্ট পৰিৱেশ সন্দৰ্ভত উপায়ুক্ত ৰঞ্জন শৰ্মাৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ বিষয়া সকল এক বৈঠকত মিলিত হয় । এই বৈঠকত কোনো ক'ভিড আক্ৰান্ত লোকে যাতে মুকলিকৈ ঘূৰা-ফুৰা কৰি থাকিব নোৱাৰে সেই সন্দৰ্ভত আলোচনা কৰা হয় ৷ আনকি, ক'ভিড পৰীক্ষা কেন্দ্ৰ সমূহত তেনে লোকক হাস্পতাললৈ নিয়াৰ বাবে একোখনকৈ এম্বুলেন্সৰ ব্যৱস্থা কৰি ৰাখিবলৈ উপায়ুক্তই স্বাস্থ্য বিভাগক নিৰ্দেশ জাৰি কৰে ।

বাক্সাৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত উপায়ুক্তৰ বৈঠক

এই ক্ষেত্ৰত জনসাধাৰণক সজাগ কৰাৰ বাবে মহকুমা স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ বিষয়া গৰাকীৰ লগতে ৰাজহ চক্ৰ বিষয়া আৰু থানা সমূহৰ ভাৰপ্ৰাপ্ত বিষয়া সকলৰ সৈতে সমন্বয় ৰক্ষা কৰি সভা আহ্বান কৰাৰ বাবেও তেওঁ সভাত পৰামৰ্শ আগবঢ়ায় ।

পঞ্চাশ উৰ্ধৰ ক'ভিড ৰোগী সকলক প্ৰতিষ্ঠানিক চিকিৎসা প্ৰদান সন্দৰ্ভতো আলোচনা কৰা হয় । প্ৰয়োজন সাপেক্ষে এই ৰোগীসকলক উন্নত চিকিৎসাৰ বাবে অন্য কোনো প্ৰতিষ্ঠানত ৰাখি চিকিৎসা প্ৰদানৰ বিষয়তো গুৰুত্ব সহকাৰে আলোচনা কৰা হয় ।

উপায়ুক্ত ৰঞ্জন শৰ্মাই জিলাখনৰ চিকিৎসালয় সমূহ চাফ চিকুন কৰি ৰখাৰ লগতে চিকিৎসক আৰু চিকিৎসাকৰ্মী সকলৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰিবলৈও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক নিৰ্দেশ দিয়ে । সভাত উপায়ুক্ত গৰাকীয়ে ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সকলোকে একগোট হৈ কাম কৰাৰ বাবে আহ্বান জনায় ।

সভাত অতিৰিক্ত উপায়ুক্ত ভাস্কৰ দাস, স্বাস্থ্য যুটীয়া সঞ্চালক মবিদুৰ ৰহমান, জিলা মিডিয়া বিশেষজ্ঞ প্ৰশান্ত কুমাৰ দত্তকে ধৰি মহকুমা স্বাস্থ্য বিষয়া সকলৰ লগতে জিলা প্ৰশাসনৰ কেবাগৰাকীও বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক:বাঘমৰাৰ এখন গাঁৱক কন্টেইনমেন্ট জ’ন ৰূপে ঘোষণা

ABOUT THE AUTHOR

...view details