বাক্সা,12 জুনঃশুকুৰবাৰে বিয়লি চিকিৎসা বিভাগৰ খবৰ অনুসৰি কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত হাজাৰাগাঁওৰ অজিৎ মুৰ্মু নামৰ যুৱকজনৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ ফলত দাতিকাষৰী গাঁও সমূহত আতংকময় পৰিবেশৰ সৃষ্টি হয় । জানিব পৰা মতে যুৱকজন বহিৰাজ্যৰ পৰা আহি হোম কোৱাৰেন্টাইনত আছিল । ইতিপূৰ্বে ঘোষণা কৰা কোভিড -১৯ পজিটিভ লোকৰ সংখ্যা তামুলপুৰ সমষ্টিত ৮ জনলৈ বৃদ্ধি পায়। এই আঠ জনৰ ভিতৰত এজনে আৰোগ্য লাভ কৰিছে।
বাক্সাৰ তামুলপুৰত আৰু দুজন কোভিড -১৯ পজিটিভ - বাক্সাৰ তামুলপুৰত আৰু দুজন কোভিড -১৯ পজিটিভ
বাক্সাৰ তামুলপুৰত কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি ৷ শুকুৰবাৰে পুনৰ দুজন লোক কোভিড-19ত আক্ৰান্ত হোৱাৰ খবৰ পোৱা যায় ৷
![বাক্সাৰ তামুলপুৰত আৰু দুজন কোভিড -১৯ পজিটিভ বাক্সাৰ তামুলপুৰত আৰু দুজন কোভিড -১৯ পজিটিভ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7590987-thumbnail-3x2-baksha.jpg)
উল্লেখ্য যে যোৱা কালিও ভূটান সীমান্তৱৰ্তী শশীপুৰ গাঁও নিবাসী ইনামূল হ'ক নাম ব্যক্তিজনৰ দেহত কোভিড -১৯ পজিটিভ ধৰা পৰে। প্ৰাপ্ত তথ্য অনুসৰি মহাৰাষ্ট্ৰৰ পৰা অহাৰ পিছত যোৱা ৩১ মে'ৰ পৰা সাত দিনৰ বাবে তামুলপুৰ ছোৱালী হাইস্কুলত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰত আছিল । স্বাৱ পৰীক্ষাৰ অন্তত কোভিড-১৯ পজিটিভ বুলি নিশ্চিত হোৱাৰ পাছতে সমগ্র শশীপুৰ অঞ্চলত আতংকময় পৰিবেশৰ সৃষ্টি হয়। কিছু সময়ৰ আগতে দুই যুৱকক উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰে।
লগতে চাওকঃ কুকুৰৰ পেটৰ পৰা ওলাল ১২৩ টা ১ ইঞ্চি দৈৰ্ঘৰ মেটেল স্ক্ৰো