বাক্সা,২৭ জুনঃ বাক্সাৰ বৰশিমলুগুৰিত সৌৰ চালিত ষ্ট্ৰীট লাইটৰ বেটাৰী চুৰি ৷ শুকুৰবাৰে নিশা দহটা ষ্ট্ৰীট লাইটৰ বেটাৰী চুৰি কৰি নিলে দুৰ্বৃত্তই ৷ উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আদৰ্শ গাঁও হিচাপে পৰিচিত বাক্সাৰ বৰশিমলুগুৰি ৷ ৰাজ্যৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা নন্দ তালুকদাৰ ফাউণ্ডেচনে ২০১৪ চনত বৰশিমলুগুৰি গাঁৱখনত এক অভিলাষী আঁচনি ৰূপায়ণ কৰিছিল ৷
বাক্সাত ষ্ট্ৰীট লাইটৰ বেটাৰীও বাদ নিদিলে চোৰে - বাক্সাৰ বৰশিমলুগুৰি
উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আদৰ্শ গাঁও হিচাপে পৰিচিত বাক্সাৰ বৰশিমলুগুৰিত ষ্ট্ৰীট লাইটৰ বেটাৰী চুৰি ৷ ৰাতি আন্ধাৰৰ সুযোগত দহটা ষ্ট্ৰীট লাইটৰ বেটাৰী চুৰি কৰিলে চোৰে

বাক্সাত ষ্ট্ৰীট লাইটৰ বেটাৰীও বাদ নিদিলে চোৰে
বাক্সাত ষ্ট্ৰীট লাইটৰ বেটাৰীও বাদ নিদিলে চোৰে
সেই অনুসৰি গাঁওখনত ৭৫টা সৌৰশক্তি চালিত ষ্ট্ৰীট লাইটৰ লগতে প্ৰতিটো পৰিয়ালতে সৌৰশক্তি চালিত লাইটৰ সংযোগ স্থাপন কৰিছিল ৷ কিন্তু শুকুৰবাৰে নিশা বৰষুণৰ সুযোগ লৈ গাঁওখনৰ দহটা ষ্ট্ৰীট লাইটৰ বেটাৰী চুৰি কৰি লৈ যায় ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে গাঁৱৰ ৰাইজে দলবাৰী আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
আৰু পঢ়কঃ উন্নয়নৰ নগ্ন স্বৰূপঃ বিপদজ্জনকভাৱে বাঁহৰ সাঁকোৰে আহ-যাহ শিক্ষাৰ্থীৰ