বাক্সা,16 জুনঃ দেশৰ লগতে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে ক'ভিড-19 আক্ৰান্তৰ সংখ্যা । আনফালে বাক্সাতো প্ৰতিদিনে বৃদ্ধি পাই আছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা । শেহতীয়াকৈ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ খৈৰাণীৰ ভীম ঘিমিৰে নামৰ এজন যুৱকৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৰ অৱস্থিতি । গুজৰাটত বায়ু সেনাত কৰ্মৰত আছিল যুৱকজন ।
জানিব পৰা মতে,ছুটীত ঘৰলৈ অহাৰ পাচত প্ৰথমে তামুলপুৰ ছোৱালী স্কুলত কোৱাৰেণ্টাইন হোৱাৰ পাচত 7 জুনৰ পৰা হ'ম কোৱাৰেণ্টাইনত আছিল যুৱকজন ।