অসম

assam

ETV Bharat / state

বৰমাত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰফুল্ল বড়োৰ সংবাদমেল

সমাগত বিধাসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা দেখা গৈছে ৷ পিছপৰি ৰোৱা নাই কংগ্ৰেছ দল ৷ বৰমা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰফুল্ল বড়োৱে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷

বৰমা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী প্ৰফুল্ল বড়োৰ সংবাদমেল
বৰমা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী প্ৰফুল্ল বড়োৰ সংবাদমেল

By

Published : Feb 23, 2021, 7:36 AM IST

বাক্সা,23 ফেব্ৰুৱাৰীঃআগন্তুকঅসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে নিজ নিজ দলৰ হৈ টিকট বিচৰাৰ প্ৰতিযোগিতা আৰম্ভ হৈছে ৷ এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই ৬২নং বৰমা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দল ৷

ইতিমধ্যে কংগ্ৰেছ দলৰ হৈ টিকট বিচাৰি আবেদন কৰিছে নিৰেণ ৰাভা আৰু এপিচিচিৰ সদস্য প্ৰফুল্ল বড়োৱে ৷ টিকট লাভ কৰাৰ পূৰ্বে প্ৰফুল্ল বড়োৱে সমষ্টিটোত নিৰ্বাচনী কুজ-কাৱাজ আৰম্ভ কৰা দেখা গৈছে ৷ সমষ্টিৰ একাংশ লোকে প্ৰফুল্ল বড়োক আদৰি লোৱা বুলি জানিব দিছে নেতা গৰাকীয়ে ৷

বৰমা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী প্ৰফুল্ল বড়োৰ সংবাদমেল

উল্লেখ্য যে, এই সমষ্টিৰ পৰা পূৰ্বে কংগ্ৰেছ দলটোৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল পানীৰাম ৰাভা ৷ কিন্তু পৰৱৰ্তী সময়ছোৱাত বিগত 15 বছৰে বিপিএফে দখল কৰি আছে এই সমষ্টি ৷

লগতে পঢ়কঃ এজন জনপ্ৰতিনিধিৰ নূন্যতম যোগ্যতা কি হোৱা উচিত ?

ABOUT THE AUTHOR

...view details