অসম

assam

By

Published : Apr 25, 2021, 7:30 AM IST

ETV Bharat / state

কৃতী ছাত্ৰলৈ নয়নতৰা থিয়েটাৰৰ অভিনন্দন পত্ৰ

বাক্সাৰ দক্ষিণ অঞ্চলী কৃষক সংঘৰ উদ্যোগত দক্ষিণ অঞ্চলী গোঁসাইঘৰ প্ৰাংগণত শনিবাৰে নয়নতৰা থিয়েটাৰৰ পৰিয়ালবৰ্গই 2019 আৰু 2020 বৰ্ষত গাঁৱখনৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱা দুগৰাকী কৃতী ছাত্ৰক সম্বৰ্ধনা জ্ঞাপন কৰে ।

নয়নতৰা থিয়েটাৰৰ পৰিয়ালে কৃৰ্তী ছাত্ৰ লৈ প্ৰদান কৰিলে অভিনন্দন পত্ৰ
নয়নতৰা থিয়েটাৰৰ পৰিয়ালে কৃৰ্তী ছাত্ৰ লৈ প্ৰদান কৰিলে অভিনন্দন পত্ৰ

বাক্সা,25 এপ্ৰিল: বাক্সাৰ দক্ষিণ অঞ্চলী কৃষক সংঘৰ উদ্যোগত দক্ষিণ অঞ্চলী গোঁসাইঘৰ প্ৰাংগণত শনিবাৰে নয়নতৰা থিয়েটাৰৰ পৰিয়ালবৰ্গই 2019 আৰু 2020 বৰ্ষত গাঁৱখনৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱা দুগৰাকী কৃতী ছাত্ৰক সম্বৰ্ধনা জ্ঞাপন কৰে । 2019 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গাঁৱখনৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰা কৌশিক দাস আৰু 2020 বৰ্ষত সৰ্বাধিক নম্বৰ লাভ কৰা মুন দাসক এখনকৈ ফুলাম গামোচা, একোটা কিতাপৰ টোপোলা আৰু এখনকৈ অভিনন্দন পত্ৰ প্ৰদান কৰা হয় ।

অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী চক্ৰপাণি দাস, অঞ্চলীৰ জীয়ৰী তথা হিমাচল প্ৰদেশৰ বোৱাৰী কামিনী দাস, নয়নতৰা থিয়েটাৰ প্ৰযোজক নিকুঞ্জ দাস আৰু মদন দাসক এখনকৈ গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । উল্লেখ্য যে, দক্ষিণ অঞ্চলীৰ ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশত উৎসাহিত কৰাৰ লক্ষ্যৰে 2016 চনৰ পৰা এই সম্বৰ্ধনা কাৰ্যসূচী ৰূপায়ণ কৰি অহা হৈছে ।

কৃতী ছাত্ৰলৈ নয়নতৰা থিয়েটাৰৰ অভিনন্দন পত্ৰ

কৃষক সংঘৰ প্ৰাক্তন সভাপতি হৰগোবিন্দ দাসে আঁত ধৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক দামোদৰ তালুকদাৰ, বাক্সা জিলা সাহিত্য সভাৰ উপ সভাপতি যামিনী দাস তালুকদাৰ, অঞ্চলী সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বলেন দাস, অঞ্চলী সাহিত্য সভাৰ উপ সভাপতি অমূল্য কুমাৰ পাঠক, দক্ষিণ অঞ্চলী কৃষক সংঘৰ সভাপতি কন্দৰ্প দাস, সম্পাদক ধীৰাজ দাস, উপদেষ্টা গুৰুপ্ৰসাদ দাস, স্বাধীন দাস, দক্ষিণ অঞ্চলী মহিলা সমিতিৰ সভানেত্ৰী লাৱণ্য দাস, উপদেষ্টা ধৰিত্ৰী দাস আদিকে কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জালিয়াতি কৰা যুৱকক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details