বৰমা, 3 নবেম্বৰ : সমাগত বিটিচি পৰিষদীয় নিৰ্বাচন ৷ বিটিএডিৰ 23 নং দিহিৰা পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী আৰু নিৰ্দলীয় প্ৰাৰ্থীক লৈ বিভ্ৰান্ত ৰাইজ৷ সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী মুনসিং ব্ৰহ্ম সম্প্ৰতি বিপিএফৰ সমৰ্থক ৷ কিন্তু দলে 23 নং ডিহিৰা মুকলি সমষ্টিত গোৰ্খা সম্প্ৰদায়ৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ লগে লগে প্ৰাক্তন বিপিএফৰ এমচিএলএ তথা বিপিএফ নেতা মুনসিং ব্ৰহ্মই দল ত্যাগ নকৰাকৈ নিৰ্দলীয় হৈ নামিছে নিৰ্বাচনত ৷ যাৰ কাৰণে সমষ্টিটোৰ অধিকাংশ বিপিএফ নেতাই নিৰ্বাচনী প্ৰচাৰত নামিছে নিৰ্দলীয় প্ৰাৰ্থী মুনসিং ব্ৰহ্মৰ হৈ ৷ মঙলবাৰে বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সম্পাদক পিতাম্বৰ পাঠকে সংবাদমেল যোগে স্বীকাৰ কৰিলে সেই কথা ৷
বিপিএফৰ প্ৰাৰ্থী ৰাজেশ বৰালক কাষত লৈ পিতাম্বৰ পাঠকে কয় যে, প্ৰাৰ্থী নিৰ্বাচনক লৈ দলটোৰ মাজত কিছু খেলিমেলি হ'লেও সমষ্টিটোৰ পৰা বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে বিজয়ী হ'ব ৷ বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী সমষ্টিটো লৈ আহিলেই সকলো ঠিক হৈ যাব ৷ আনহাতে, নিৰ্বাচনৰ দিন ঘোষণা হ'লেই তেওঁ নিজে বিপিএফৰ প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰ অভিযান চলাব বুলি মন্তব্য কৰে ৷