বাক্সা, ১৮ ফেব্ৰুৱাৰী : বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত জিএছ পি আৰু অবড়ো সুৰক্ষা সমিতিৰ মাজত সৃষ্টি হৈছে তীব্ৰ সংঘাত ৷ পৰিষদীয় নিৰ্বাচনৰ পিচত সাংসদ নৱ কুমাৰ শৰণীয়াই অবড়ো ৰাইজৰ কোনো খবৰ নলোৱাৰ অভিযোগ একাংশ অবড়ো নেতাৰ ৷ বৃহস্পতিবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি থমনা আঞ্চলিক অবড়ো সুৰক্ষা সমিতিয়ে সাংসদ গৰাকীৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷
'অবড়ো সংগ্ৰামখনক ধ্বংসৰ ষড়যন্ত্ৰত নামিছে সাংসদ নৱ কুমাৰ শৰণীয়া আৰু অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক মাধৱ ৰাজবংশী ৷ তেওঁলোকে আৰম্ভ কৰিছে কূটিল ৰাজনীতি । ইয়াৰ পৰিপ্ৰক্ষিততে বিগত বিটিচি নিৰ্বাচনত অবড়ো সুৰক্ষা সমিতিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সকল পৰাজিত হ'ব লগা হয় ৷' সংবাদমেলত এই অভিযোগ তোলে অবড়ো সুৰক্ষা সমিতিৰ একাংশ কৰ্মীয়ে ৷