বাক্সা, 12 ছেপ্টেম্বৰ : বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাক্ মুহুৰ্তত তামুলপুৰৰ আনন্দ বজাৰত উত্তপ্ত পৰিস্থিতি । দৰংগাজুলি পৰিষদীয় সমষ্টিত বিপিএফ কৰ্মী জঁপিয়াই পৰিল বিজেপি দলৰ কৰ্মীৰ ওপৰত । জানিব পৰা মতে আনন্দ বজাৰ অঞ্চলৰ বিজেপি দলৰ কৰ্মী মণিৰাম ৰাভাক কিছুদিন আগতে বিপিএফ দলৰ কৰ্মী টোপেশ্বৰ ৰাভাই প্ৰাণে মাৰাৰ ভাবুকি দিছিল ।
শনিবাৰে দিনৰ ভাগত মণিৰাম ৰাভা ঘৰৰ পৰা বিজেপি কাৰ্যালয়লৈ গৈ থকা সময়ত পথৰ দাঁতিত টোপেশ্বৰ ৰাভাই ৰখাই বাক বিতণ্ডাত লিপ্ত হয় । স্থানীয় ৰাইজ ঘটনা স্থলীত উপস্থিত হৈ মণিৰাম ৰাভাক আঁতৰাই নিয়াৰ চেষ্টা কৰাৰ সময়তে বিপিএফ দলৰ কৰ্মী টোপেশ্বৰ ৰাভাই বিজেপি দলৰ কৰ্মী মণিৰাম ৰাভাক শিলেৰে মূৰত আক্ৰমণ কৰে ।
ঘটনাৰ পাচতেই বিজেপি দলৰ কৰ্মী সকলে মণিৰাম ৰাভাক তামুলপুৰ প্ৰাথমিক চিকিৎসালয়লৈ লৈ যায় ৷ ঘটনা সংক্ৰান্তত তামুলপুৰ আৰক্ষী চকীত টোপেশ্বৰ ৰাভাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে বিজেপি কৰ্মীসকলে । সম্প্ৰতি এই ঘটনাক লৈ দৰংগাজুলি পৰিষদীয় সমষ্টিত চাঞ্চল্যই বিৰাজ কৰিছে ।