বাক্সা,24 নৱেম্বৰ:সহজ-সৰল ব্যক্তিত্বৰে ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সোমবাৰে বাৰ্ধক্যজনিত কাৰণত মৃত্যু ঘটে ৷ গগৈৰ মৃত্যুত ৰাজ্যত তিনিদিনীয়া শোক পালন কৰা হৈছে ৷ লগতে প্ৰায়বোৰ দল-সংগঠনে বাতিল কৰিছে পূৰ্ব নিৰ্ধাৰিত সকলো কাৰ্যসূচী ৷
নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে শোকপ্ৰকাশ মুন সিং ব্ৰহ্মৰ - তৰুণ গগৈ
ৰাজ্যত তিনিদিনীয়া শোক পালনৰ মাজতো বিটিআৰত অব্যাহত নিৰ্বাচনী প্ৰচাৰ সভা ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোকপ্ৰকাশ বিটিচি 23 নং দিহিৰা পৰিষদীয় সমষ্টিবাসীৰ ৷
![নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে শোকপ্ৰকাশ মুন সিং ব্ৰহ্মৰ Condolence death of tarun gogoi in election campaign baksa assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9647229-thumbnail-3x2-a.jpg)
তৰুণ গগৈৰ মৃত্যু
মৌন প্ৰাৰ্থনাৰে শোক প্ৰকাশ
কিন্তু ইয়াৰ মাজতে বিটিআৰত চলি থকা দেখা যায় নিৰ্বাচনী প্ৰচাৰ সভা ৷ ৰাজনৈতিক দল ইউপিপিএলে তৰুণ গগৈৰ মৃত্যুৰ বাবে এদিনলৈ সকলো কাৰ্যসূচী বাতিল কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী মুন সিং ব্ৰহ্ময়ে মঙলবাৰে বাক্সাৰ 23 নং বিটিচি দিহিৰা পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৷ থমনাত অনুষ্ঠিত উক্ত সভাতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বিদেহী আত্মাৰ সদগতিৰ অৰ্থে উপস্থিত জনসাধাৰণে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ৷
লগতে চাওকঃৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ