বাক্সা, ২৫ মে’:বাক্সাৰ শালবাৰীত এবছু কৰ্মীয়ে গুণ্ডাৰাজ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ কম্পিউটাৰৰ শিক্ষকক কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা উঠাই নি গুৰুলাগুৰুলকৈ প্ৰহাৰৰ ঘটনা সংঘটিত হৈছে বাক্সাৰ শালবাৰীত ৷ শালবাৰী এবছু কাৰ্যালয়ত সংঘটিত হয় এই ঘটনা (Teacher attack by ABSU workers in Baksa) ৷
এবছু কৰ্মীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে কম্পিউটাৰ শিক্ষক জ্যোতিষ দাস ৷ এগৰাকী যুৱতীৰ লগত ফটো উঠাক কেন্দ্ৰ কৰিয়েই সংঘটিত হয় এই ঘটনা ৷ শালবাৰীৰ শান্তি বজাৰৰ কম্পিউটাৰ শিক্ষক জ্যোতিষ দাসে এগৰাকী বড়ো সম্প্ৰদায়ৰ সহকৰ্মীৰ লগতে আন এগৰাকী বড়ো বান্ধৱীৰ লগত চেল্ফী উঠিছিল দুদিনমান পূৰ্বে ৷
তাৰ বাবেই খৰ্গহস্ত হৈ শিক্ষকজনক এবছুৰ কাৰ্যালয়লৈ নি প্ৰথমেই জ্যোতিষ দাসৰ মোবাইলৰ সকলো তথ্য হস্তগত কৰে ৷ ইয়াৰ পাছতেই শিক্ষকগৰাকীক হাতেৰে মাৰধৰ কৰি পৰৱৰ্তী সময়ত লাঠিৰে কোবাই কোবাই গুৰুতৰভাৱে আহত কৰে বুলি অভিযোগ উত্থাপন কৰিছে ৷ ঘটনাৰ কথা জানিব পাৰি জ্যোতিষ দাসৰ মাতৃয়ে শালবাৰীৰ এবছুৰ কাৰ্যালয়ত উপস্থিত হৈ মূৰ্মুষ অৱস্থাত উদ্ধাৰ কৰে নিজ পুত্ৰক (Computer teacher attacked in Baksa) ৷