অসম

assam

প্ৰসংগ ৰাম মন্দিৰঃ সাম্প্ৰদায়িক পষ্টৰ বিৰুদ্ধে তীব্ৰ  প্ৰতিক্ৰীয়া নাগ্ৰীজুলিত

By

Published : Aug 6, 2020, 10:48 PM IST

বাক্সা জিলাৰ নাগ্ৰীজুলিত ফেচবুকত সাম্প্ৰদায়িক পষ্ট শ্বেয়াৰ কৰাক লৈ প্ৰতিক্ৰীয়া অব্যাহত ৷ ৰাম মন্দিৰ নিৰ্মাণক কেন্দ্ৰ কৰি পষ্ট শ্বেয়াৰ ৷ আৰক্ষীয়ে যুৱক দুজনক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে ৷

Cominel post Share in Baksa, Two person Arrested
প্ৰসংগ ৰাম মন্দিৰ, সাম্প্ৰদায়িক পোষ্টৰ প্ৰতিক্ৰীয়া অব্য়াহত নাগ্ৰীজুলিত

বাক্সা, 6 আগষ্ট : বাক্সা জিলাৰ নাগ্ৰীজুলিত ফেচবুকত বিতৰ্কিত পষ্ট শ্বেয়াৰ কৰাক লৈ বুধবাৰৰ নিশাৰ পৰা প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ ৰাম মন্দিৰ নিৰ্মাণক কেন্দ্ৰ কৰি ফেচবুকত সাম্প্ৰদায়িক পষ্ট শ্বেয়াৰ কৰাৰ বাবে প্ৰতিক্ৰিয়া অব্যাহত আছে ৷

তথ্য অনুসৰি, নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ভাওৰাগুৰী গাঁৱৰ খচনুৰ আলীৰ পুত্ৰ বিকি আলী আৰু গণি আলীৰ পুত্ৰ নিতুমনি আলীয়ে ফেচবুকত সাম্প্ৰদায়িক পষ্ট শ্বেয়াৰ কৰিছিল ৷ তেওঁলোকে শ্বেয়াৰ কৰা পষ্টৰ ভিত্তিত নাগ্ৰীজুলিৰ সবুজ বিশ্বাস নামৰ যুৱকজনে তামুলপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে আৰু উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে যুৱকদ্ধয়ক আটক কৰে বুলি জানিব পৰা গৈছে ৷

এজাহাৰত উল্লেখ কৰা অনুসৰি, ফেচবুকত এটা বিতৰ্কিত পষ্ট শ্বেয়াৰ কৰাক লৈ বুধবাৰৰ সন্ধিয়া আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ কৰ্মীৰ সৈতে বিকি আলী আৰু নিতুমনি আলী নামৰ দুই যুৱকে বিতৰ্কত লিপ্ত হয় । ইয়াৰ উপৰিও, ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পূজনক লৈ নাগ্ৰীজুলিত চাকি-বন্তি জ্বলোৱা কাৰ্যতো দুই যুৱকে বাধা প্ৰদান কৰি ভাবুকি প্ৰদান কৰা বুলি এজাহাৰ যোগে অভিযোগ উত্থাপন কৰিছে । ইয়াকে লৈ বুধবাৰৰ নিশাৰ পৰা নাগ্ৰীজুলিত উত্তেজনাৰ সৃষ্টি হৈছে । ঘটনাস্থলীত নাগ্ৰীজুলি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

প্ৰসংগ ৰাম মন্দিৰ, সাম্প্ৰদায়িক পোষ্টৰ প্ৰতিক্ৰীয়া অব্য়াহত নাগ্ৰীজুলিত

আনহাতে, বুধবাৰৰ ঘটনাৰ বাবে বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ কৰ্মীসকলে তামুলপুৰ আৰক্ষী থানাত উপস্থিত হৈ বুধবাৰৰ দিনটোক কলা দিৱস হিচাপে পালন কৰাৰ বাবে ফেচবুক পষ্টটো শ্বেয়াৰ কৰি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচৰা দুই যুৱকক শাস্তি প্ৰদানৰ দাবী জনাইছে ৷

উল্লেখ্য যে, বিতৰ্কিত পষ্ট শ্বেয়াৰ কৰা যুৱক দুজনক তামুলপুৰ আৰক্ষী থানাত আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : তামুলপুৰৰ দ্বাৰকুছিৰ বৰলীয়া নদীত উটি গ’ল দুই যুৱক

ABOUT THE AUTHOR

...view details