অসম

assam

ETV Bharat / state

পহিলা ব'হাগৰ সন্ধিয়া ৰাজ্যবাসীক এগছি বন্তি জ্বলোৱাৰ আহ্বান মুখ্যমন্ত্ৰী !

বাক্সাৰ মুছলপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ অসমীয়া নৱ বৰ্ষৰ সন্ধিয়া সকলো জাতি-জনগোষ্ঠীৰ লোকক নিজ নিজ ঘৰত এগছি বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ৷ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ জনগনৰ কল্যাণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জনালে সৰ্বানন্দ সোণোৱালে ৷

CM SONOWAL urge to the public to light a lamp on 1st of Bohag
CM SONOWAL urge to the public to light a lamp on 1st of Bohag

By

Published : Apr 13, 2020, 5:44 PM IST

বৰমা, ১৩ এপ্ৰিল :সমগ্ৰ পৃথিৱীতে কৰ'ণাৰ আতংকই ত্ৰাস সৃষ্টি কৰাৰ সময়তে জনসাধাৰণৰ ওচৰত প্ৰতিটো মুহুৰ্ততে থিয় হৈছে চৰকাৰ ৷ সোমবাৰে বাক্সা জিলাৰ মুছলপুৰত থকা কোৱাৰেন্টাইন শিৱিৰ পৰিদৰ্শন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইয়াৰ পাচতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত সকলো বিভাগৰ শীৰ্ষবিষয়াৰে এক গুৰুত্ব পূৰ্ণ বৈঠকত মিলিত হৈ সাংবাদিকৰে মত বিনিময় কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মুখ্যমন্ত্ৰী সোণোৱালে প্ৰথমে অসমৰ সকলো জনগণক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ দেশৰ সংকট কালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সঠিক সময়ত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ অসমৰ ৰাইজ যাতে সুৰক্ষিত হৈ থাকিব পাৰে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৰাইজে নিজাকৈও সামাজিক দূৰত্ব বজায় ৰাখিব লাগিব বুলি কয় সৰ্বানন্দ সোণোৱালে ৷

পহিলা ব'হাগৰ সন্ধিয়া ৰাজ্যবাসীক এগছি বন্তি জ্বলোৱাৰ আহ্বান মুখ্যমন্ত্ৰী !

ইয়াৰ লগতে দেশক সংকট মুক্ত হোৱাৰ কামনাৰে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাই পহিলা বহাগৰ সন্ধিয়া ৬ বজাত প্ৰত্যেক পৰিয়ালকে নিজ নিজ ঘৰত এগছি বন্তি জ্বলাবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ৰাজ্যৰ প্ৰত্যেক জিলাই জিলাই কৰ'ণা প্ৰতিৰোধৰ বাবে উপযুক্ত পদক্ষেপ লোৱাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ ৰাজ্যৰ ১২ লাখ জনসাধাৰণে লক্ ডাউনৰ সময়ত কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে জিলা উপায়ুক্ত সকলক নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীৰ ৷ চৰকাৰে খাদ্য, শক্তি, স্বাস্থ্যকে ধৰি সকলো ক্ষেত্ৰতে ব্যৱস্থা গ্ৰহণ কৰা বুলি মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে ৷ বাক্সা জিলাৰ ৰাইজে লক্ ডাউন সফলভাৱে ৰূপায়ন কৰাৰ কাৰণে সকলো ৰাইজক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে ৷ দায়িত্বত থকা চিকিৎসক, নাৰ্চ, স্বাস্থ্য কৰ্মীকে ধৰি সকলো লোকৰ লগতে আৰক্ষী প্ৰশাসনে দায়িত্ব সহকাৰে কৰ্তব্য পালন কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ লগত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ বিশ্বজিৎ দৈমাৰী, বিধায়ক থানেশ্বৰ বসুমতাৰী, ইমানুৱেল মুছাহাৰী, মনেশ্বৰ ব্ৰহ্ম, বিমল বৰাৰ লগতে বিটিচিৰ আই জি পি অনুৰাগ আগৰৱাল উপস্থিত থাকে ৷
লগতে পঢ়ক : ৰাজ্যৰ বাহিৰত থকা অসমৰ লোকলৈ হেল্পলাইন নম্বৰ মুকলি ৰাজ্য চৰকাৰৰ

ABOUT THE AUTHOR

...view details