অসম

assam

By

Published : Dec 4, 2020, 7:41 PM IST

ETV Bharat / state

বিটিচিৰ মথনগুৰি সমষ্টিৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কংগ্ৰেছ, এআইইউডি এফৰ মিত্ৰতা অপবিত্ৰ মিত্ৰতা আখ্যা মুখ্যমন্ত্ৰীৰ ৷ একেদৰে মুখ্যমন্ত্ৰীয়ে কোনো কাৰণতে এই ধৰণৰ অপশক্তিক প্ৰশ্চয় নিদিবলৈ ৰাইজক আহ্বান জনায় ৷

cm-at-mathanguri-btc-elections-campaigaing
বিটিচিৰ মথনগুৰি সমষ্টিৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ৰপেটাৰোড, 4 ডিচেম্বৰঃ বিটিচিত নিৰ্বাচনী প্ৰচাৰ তু্ংগত উঠিছে ৷ প্ৰতিটো ৰাজনৈতিক দলে দিন ৰাতি একাকাৰ কৰি নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই থকাৰ মাজতে শুকুৰবাৰে বাক্সাৰ মথনগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী গৌতম দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

বিটিচিৰ মথনগুৰি সমষ্টিৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সতে নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে কয় বিটিচিত এইবাৰ বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত ৷ আনহাতে আজমল ফাউণ্ডেচনলৈ বিদেশৰ সন্ত্ৰাবাদী সংগঠনে ধন প্ৰদান কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, কংগ্ৰেছ আৰু এআইইউডিএফ একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি ৷ মুখ্যমন্ত্ৰীয়ে কোনো কাৰণতে এই ধৰণৰ অপশক্তিক প্ৰশ্চয় নিদিবলৈ ৰাইজক আহ্বান জনায় ৷


লগতে পঢ়কঃ ৰঙিয়াত বাঁহৰ খুটাৰে বিদ‍্যুৎ বিভাগে যোগান ধৰিছে বিদ‍্যুৎ

ABOUT THE AUTHOR

...view details