অসম

assam

ETV Bharat / state

বি টি চিত নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে ইউ পি পি এলে

চিৰাঙৰ ১৮ নং মানাস সেৰফাং পৰিষদীয় সমষ্টিত ইউ পি পি এলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত । অক্টোবৰৰ ভিতৰতে বিটিচি পৰিষদীয় নিৰ্ব্বাচন অনুষ্ঠিত কৰাৰ দাবী ইউ পি পি এলৰ ।

By

Published : Sep 19, 2020, 2:12 PM IST

চিৰাং, 19 ছেপ্তেম্বৰঃচিৰাঙত বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে ইউ পি পি এল দলৰ । শনিবাৰে দলটোৰ এজন সম্পাদক নজৰুল ইছলামৰ উপস্থিতিত ১৮ নং মানাস সেৰফাং পৰিষদীয় সমষ্টিৰ ইউ পি পি এল প্ৰাৰ্থী সুৰেশ দৈমাৰীৰ হৈ পানবাৰীৰ মানশ্ৰী বজাৰত অনুষ্ঠিত নিৰ্বাচনী সভাত অঞ্চলটোৰ সহশ্ৰাধিক লোকে অংশগ্ৰহণ কৰে ।

উক্ত সভাতে বি পি এফ আৰু গণ সুৰক্ষা পাৰ্টীৰ বহু কেইজন লোকেও অংশগ্ৰহণ কৰে । সভাত উপস্থিত থাকি ইউ পি পি এলৰ সম্পাদক নজৰুল ইছলামে কয় যে, লক ডাউন শেষ হৈ এতিয়া ৪ৰ্থ আনলক চলি আছে । বিদ্যালয় সমূহো খোলাৰ প্ৰচেষ্টা চলিছে । গতিকে এই সময়তে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক অনুৰোধ জনায় । কাৰণ অহা ২৭ অক্টোবৰত বি টি চিত ৰাজ্যপাল শাসনৰ ৬ মাহ পূৰ্ণ হ'ব ৷ এই সময়ছোৱাত বহু উন্নয়নমূলক কাম স্থবিৰ হৈ পৰিছে । বিটিচিৰ সকলো ৰাজনৈতিক দলেই নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে । বি টি চি বাসী এই মুহূৰ্তত নিৰ্বাচনৰ বাবে প্ৰস্তুত বুলিও উল্লেখ কৰে সম্পাদক গৰাকীয়ে । তেওঁ আৰু কয় যে, বিটিচিৰ ৩৫ লাখ জনতাই আজি পৰিৱৰ্তন বিচাৰি ইউ পি পি এলৰ লগত থিয় দিছে । ইতিমধ্যে ইউ পি পি এলৰ সদস্য সংখ্যা ১৬ লাখ অতিক্ৰম কৰিছে বুলিও কয় নেতা গৰাকীয়ে ।

বিগত সময়ছোৱাত ১৭ বছৰে বি পি এফৰ অপশাসনৰ পৰা পৰিৱৰ্তন বিচাৰি বি টি চি বাসীয়ে ইউ পি পি এল দলকে বিকল্প হিচাবে বাছি লৈছে বুলি জনায় ইউ পি পি এলৰ নেতা তথা এন ডি এফ বি(ছা)ৰ সম্পাদক ৰঞ্জিত বসুমতাৰীয়ে । তেওঁ কয় যে, ইউ পি পি এল দলে বি টি চিত ২৬ ৰ পৰা ২৮ খন আসনত বিজয় হোৱাটো নিশ্চিত হৈছে । সভাত ইউ পি পি এল দলৰ বহু কেইজন নেতাই উপস্থিত থাকি উদাত্ত কণ্ঠে ভাষণ দিয়ে ।

For All Latest Updates

ABOUT THE AUTHOR

...view details