অসম

assam

By

Published : Nov 14, 2020, 2:09 PM IST

ETV Bharat / state

তামুলপুৰত শিশু দিৱস পালন

তামুলপুৰত আশা দৰ্শন নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত শিশু দিৱসৰ পালন কৰে ৷ শিশু দিৱসৰ লগত সংগতি ৰাখি কৰণা মহামাৰীৰ বাবে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক সকলে এক সজাগতা সমদল উলিয়াই ৷

Childrens Day Celebration At Tamulpur, Baksha distict
তামুলপুৰত শিশু দিৱস পালন

তামুলপুৰ, 14 নেৱেম্বৰঃআজি 14 নৱেম্বৰ, শিশু দিৱস ৷ সমগ্ৰে দেশতেই আজি পালনকৰা হৈছে শিশু দিৱস ৷ সমান্তৰালকৈ বাক্সা জিলাৰতামুলপুৰৰ দুৰ্গা মন্দিৰ চৌহদত 'আশা দৰ্শন' নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত শিশু দিৱসৰ পালন কৰে ৷
শিশু দিৱসক প্ৰথম কাৰ্যসূচী মৰ্মে পতাকা উত্তোলন কৰে আশা দৰ্শন ট্ৰাষ্টৰ পৰিচালিকা বিজু বৰবৰুৱাই ৷ ইফালে কৰ'ণা মহামাৰীৰ সজাগতা বৃদ্ধিৰ বাবে তামুলপুৰৰ ৰাজপথত এক শোভাযাত্ৰা উলিয়াই ৷ এই শোভা যাত্ৰাত অংশ গ্ৰহণ কৰে আশা দৰ্শনৰ ছাত্ৰ-ছাত্ৰী,তামুলপুৰ মইনা পাৰিজাতৰ শিশু সকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকল ৷

শোভা যাত্ৰাৰ অন্তত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ছবি অঁকা,ৰচনা,আবৃত্তি প্ৰতিযোগিতা এখনো অনুষ্ঠিত হয় ৷ লগতে মুকলি সভা এখনৰো আয়োজন কৰে শিক্ষক-শিক্ষয়িত্ৰী সকলে ৷

লগতে পঢ়ক- পৰাগ ভূঞা হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীত নামতিত মৌন প্ৰতিবাদ

ABOUT THE AUTHOR

...view details