বাক্সা, 3 ডিচেম্বৰ : বৃহস্পতিবাৰে বাক্সা জিলাৰ মহৰিপাৰাৰ গান্ধীচকত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ গোৰেশ্বৰৰ মহৰিপাৰাৰ গান্ধীচকত 29 নং শুক্লাই শেৰফাং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰনেন্দ্ৰ নাৰ্জাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে গান্ধীচকত উপস্থিত হলগৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, অসমৰ বুকুত বিটিআৰ অঞ্চলত যিমান সৱল সম্ভাৱনাপূৰ্ণ কৰাৰ শক্তি আছে সেয়া আগন্তুক দিনত নিষ্ঠাৰে গ্ৰহণ কৰাৰ দায়িত্ব ভাৰতীয় জনতা পাৰ্টীয়ে কৰিব ৷