বাক্সা,১৭ মাৰ্চ:৬৩ নং চাপাগুৰি বিধানসভা সমষ্টিৰ বিপিএফ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰে হিতেশ বসুমতাৰীয়ে । প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পিছতেই বিপিএফ ৰ মুখ্য কাৰ্যালয়ত দলীয় কৰ্মী তথা সমৰ্থকসকলে উষ্ম আদৰণি জনাই প্ৰাৰ্থীগৰাকীক ।
চাপাগুৰিত আদৰণি বিপিএফৰ প্ৰাৰ্থী হিতেশ বসুমতাৰীক - chapaguri bpf candidate hitesh basumatary
প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পিছতেই বিপিএফৰ মুখ্য কাৰ্যালয়ত দলীয় কৰ্মী তথা সমৰ্থকসকলে উষ্ম আদৰণি জনাই ৬৩ নং চাপাগুৰি বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰা হিতেশ বসুমতাৰীক ।
![চাপাগুৰিত আদৰণি বিপিএফৰ প্ৰাৰ্থী হিতেশ বসুমতাৰীক চাপাগুৰিত উষ্ম আদৰণি বিপিএফৰ প্ৰাৰ্থী হিতেশ বসুমতাৰীক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11045404-1060-11045404-1615981538365.jpg)
চাপাগুৰিত উষ্ম আদৰণি বিপিএফৰ প্ৰাৰ্থী হিতেশ বসুমতাৰীক
উল্লেখ্য যে, সমষ্টিটোৰ বিধায়ক হিচাপে থকাৰ পিছতো থানেশ্বৰ বসুমতাৰীক দলীয় টিকট নিদিয়াকৈ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক টিকট দিয়াক লৈ যথেষ্ট চৰ্চা লাভ কৰিছে ৷ ইয়াৰ মাজতে বৰ্তমানৰ বিধায়কজনক বঞ্চিত কৰি তেওঁক কিয় প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল বুলি প্ৰশ্ন কৰাত হিতেশ বসুমতাৰীয়ে কয় যে এয়া নিজা সিদ্ধান্ত নহয় দলৰহে সিদ্ধান্ত । লগতে ১৮ মাৰ্চত মনোনয়ন পত্ৰ দাখিল কৰিব বুলিও কয় বিপিএফ প্ৰাৰ্থী হিতেশ বসুমতাৰীয়ে ।
লগতে পঢ়ক:নিৰ্বাচনৰ প্ৰাকক্ষণত ভোটাৰক প্ৰতিশ্ৰুতি প্ৰদান হিতেন্দ্ৰ নাথ গোস্বামীৰ