অসম

assam

ETV Bharat / state

বানাক্ৰান্তক বিনামূলীয়া ঔষধ আৰু চিকিৎসা সেৱা প্ৰদান

বানৰ কৱলত পৰিছে বাক্সা জিলাৰ বৰমা বিধান সভা সমষ্টিৰ অন্তৰ্গত জাৰতালুক আৰু গড়ভিতৰৰ বহু শতাধিক লোক । বানাক্ৰান্তসকলে খাদ্য,আশ্ৰয়ৰ সংকটত পৰাৰ লগতে বানাক্ৰান্তসকল আক্ৰান্ত হৈছে বহু বেমাৰৰ । বাক্সা জিলা স্বাস্থ্য বিভাগে জাৰতালুক আৰু গড়ভিতৰত বিনামূলীয়া ঔষধ আৰু চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিছে ।

By

Published : Jul 14, 2019, 2:12 PM IST

বানাক্ৰান্তক বিনামুলীয়া ঔষধ আৰু চিকিৎসাসেৱা প্ৰদান

চাপাগুৰি,১৪জুলাই : ৰাজ্যত অব্যাহত আছে বলীয়া বানৰ তাণ্ডৱ । নেৰা-নেপেৰা বৰষুণৰ বাবে ৰাজ্যত বিভিন্ন প্ৰান্তৰ লগতে বাক্সাতো সৃষ্টি হৈছে ভয়ংকৰ বান । বানৰ কৱলত পৰিছে বাক্সা জিলাৰ বৰমা বিধান সভা সমষ্টিৰ অন্তৰ্গত জাৰতালুক আৰু গড়ভিতৰৰ বহু শতাধিক লোক । বিগত চাৰিদিন ধৰি মৰাপাগলদিয়াই অঞ্চলটোত ভয়ংকৰ বানৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে বানাক্ৰান্তসকলে খাদ্য,আশ্ৰয়ৰ সংকটত পৰাৰ লগতে বানাক্ৰান্তসকল আক্ৰান্ত হৈছে বহু বেমাৰৰ । জ্বৰ, খজুৱতিৰ পৰা আৰম্ভ কৰি বহু বেমাৰত আক্ৰান্ত হৈছে বানাক্ৰান্তসকল । বানাক্ৰান্তসকলে এটুপি বিশুদ্ধ খোৱাপানীৰ পৰাও বঞ্চিত হ'বলগীয়া হৈছে ।

বানাক্ৰান্তক বিনামুলীয়া ঔষধ আৰু চিকিৎসাসেৱা প্ৰদান

উল্লেখ্য যে বৃহত্তৰ অঞ্চলটোৰ পৰিয়ালসমুহৰ ঘৰবাৰী পানীয়ে বুৰাই পেলোৱাৰ পিচত জাৰতালুকৰ এখন বিদ্যালয়ত আশ্ৰয় লৈছে বানাক্ৰান্তসকলে । অৱশ্যে বানাক্ৰান্তসকলক বাক্সা জিলা স্বাস্থ্য বিভাগে জাৰতালুক আৰু গড়ভিতৰত বিনামুলীয়া ঔষধ আৰু চিকিৎসাসেৱাৰ ব্যৱস্থা কৰিছে ।

ABOUT THE AUTHOR

...view details