বাক্সা, তেজপুৰ,ধেমাজি,১৩ জানুৱাৰী : উৰুকাৰ নিশা মাছে-মঙহে এসাঁজ খাবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ ৰাজ্যৰ প্ৰতিখন বজাৰ ভৰি পৰিছে ভিন্ন মাছেৰে ৷ চিতল,বৰালী,আঁৰি,ভকুৱাই বিশেষ সমাদৰ লাভ কৰা দেখিবলৈ পোৱা গৈছে এইবাৰৰ বিহুৰ বজাৰত ৷
ৰাজ্যৰ উৰুকাৰ বজাৰে-বজাৰে গ্ৰাহকৰ ভিৰ মাছৰ সমান্তৰালকৈ বজাৰত আছে মাংসৰো চাহিদাও ৷ বাক্সাৰ বৰমা বজাৰত উৰুকাৰ দিনা মাংসৰ বিপণীত দেখিবলৈ পোৱা যায় গ্ৰাহকৰ ভিৰ ৷ বজাৰখনত পঠা ছাগলীৰ মূল্য প্ৰতি কিলোত ৮০০/- টকা, বৰালি মাছৰ প্ৰতি কিলোত ৮০০/- টকাৰ পৰা ১২০০/- টকা ৷ গাহৰি মাংসৰ দাম প্ৰতি কিলোত ৩০০/- টকা, হাঁহ গোটে 500-600 টকা ৷
ৰাজ্যৰ উৰুকাৰ বজাৰে-বজাৰে গ্ৰাহকৰ ভিৰ ইফালে, উৰুকাৰ দিনা লগে-ভাগে এসাঁজ খোৱাৰ উদ্দেশ্যৰে বিভিন্ন বজাৰ আৰু বিলত হেতা ওপৰা লাগিছে বিভিন্নজনৰ ৷ বিশেষকৈ ধেমাজিৰ বুটিকোৰ তিনিঠেঙীয়া বিলত উঠিছে মাছৰ উজান ৷ বিলৰ জালত উঠিছে ৰৌ ,বৰালি,চিতল ৷ সেয়ে বিলৰ জীয়া মাছ ক্ৰয় কৰিবলৈ ভিৰ কৰিছেহি অগণন গ্ৰাহকে ৷
ৰাজ্যৰ উৰুকাৰ বজাৰে-বজাৰে গ্ৰাহকৰ ভিৰ তেজপুৰ চহৰৰ মাছৰ বজাৰতো ভিৰ কৰিছেহি অগণন লোকে ৷ চহৰখনৰ বজাৰ সমূহত আৰি 1000/ চিতল, 2000/ , বৰালি 1800 ,ৰৌ 600 টকাকৈ প্ৰতি কিলোগ্ৰামত বিক্ৰী হয় ৷
ৰাজ্যৰ উৰুকাৰ বজাৰে-বজাৰে গ্ৰাহকৰ ভিৰ অন্য এক খবৰৰ বাবে: সন্তোষ পাণ্ডেৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড