বাক্সা,1 ছেপ্টেম্বৰ:ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষিত নিৱনুৱা যুৱক-যুৱতীয়ে কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে অথবা চৰকাৰী চাকৰিৰ আশাত বহি আছে ,তেনে সময়ত ভাৰত-ভূটান সীমান্ত এলেকাৰ বাক্সা জিলাৰ নৱ দিহিৰাৰ এগৰাকী যুৱকে নিৱনুৱা সমাজলৈ কঢ়িয়াইছে বিশেষ বাৰ্তা ৷ যুৱকজনৰ নাম চবিত্ৰ কুমাৰ ব্ৰহ্ম ৷
নিজ গৃহতে গাহৰি পালনৰ কাম আৰম্ভ কৰি যথেষ্ট পৰিমাণে লাভ আৰ্জিবলৈ সক্ষম হৈছে নৱ দিহিৰাৰ উদ্যমী যুৱকজনে(Self reliant through Piggery) ৷ সমগ্ৰ এলেকাটোৰ সামাজিক কাৰ্যৰ লগত জড়িত যুৱকজনে নিজ গৃহৰ পিছফালৰ মাটি এডৰাত "Global PRC" নামেৰে গাহৰি পালনৰ পাম এখন ২০২০ বৰ্ষৰ ২০ ডিচেম্বৰত আৰম্ভ কৰিছিল ৷
তেজপুৰৰ মনোজ বসুমতাৰীৰ পৰা Hampshire, Yorkshire আৰু Duroc প্ৰজাতিৰ গাহৰি ক্ৰয় কৰি পালন কৰিবলৈ আৰম্ভ কৰিছিল চবিত্ৰ কুমাৰ ব্ৰহ্মই ৷ প্ৰথমাৱস্থাত গাহৰিৰ সংখ্যা কম আছিল যদিও পৰৱৰ্ত্তী পৰ্যায়ত ইয়াৰ সংখ্যা 200 লৈ বৃদ্ধি হয় বুলি জানিবলৈ দিয়ে ৷ পামখনত বৰ্তমান খাহী গাহৰি(Fattening), গাহৰিৰ পোৱালি (Piglets), মাইকী গাহৰি( Sow) আৰু মতা গাহৰি( Boar)কে ধৰি কেইবাপ্ৰকাৰৰ গাহৰি উপলব্ধ ৷
আন্ত:গাঁঠনিৰ কাম বৰ্তমানেও অব্যাহত থকা সত্ত্বেও পামখনৰ দ্বাৰা চবিত্ৰ কুমাৰ ব্ৰহ্মই বছৰি ৬ লাখ টকা আৰ্জিবলৈ সক্ষম হৈছে ৷ ব্ৰহ্মৰ ককায়েক প্ৰবীন চন্দ্ৰ বড়ো, বৌৱেক প্ৰণিতা বসুমতাৰী আৰু তেওঁৰ পত্নী ৰিমলা ব্ৰহ্মৰ সহযোগত গাহৰি পামখনে সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে বুলি ব্ৰহ্মই জানিবলৈ দিয়ে ৷