বাক্সা, ৫ ডিচেম্বৰ :২০২০ চনৰ ২৭ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু এনডিএফবিৰ মাজত হোৱা শান্তি চুক্তি অনুসৰি এনডিএফবি সদস্য সকলক পুনৰ সংস্থাপন দিয়াৰ বাবে যি চুক্তি আছিল বাস্তৱায়িত কৰাৰ কাৰণে চৰকাৰে ইতিমধ্যে হাতত লৈছে (Boro peace act 2020) ৷ চুক্তি অনুসৰি মূল সূঁতিলৈ প্ৰত্যাৱৰ্তন হোৱা এনডিএফবি সকলৰ কাৰণে চৰকাৰে আৰ্থিক সাহাৰ্য দিয়া বাবে প্ৰস্তুতি আৰম্ভ কৰিছে (Financial Grant to Former members of NDFB) ৷
সেই অনুসৰি, দেওবাৰে তামুলপুৰৰ বৰখাটা দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত সভাত ১,১০৫ গৰাকী NDFB প্ৰাক্তন সদস্যক ৪ লাখ টকাকৈ আৰ্থিক সাহাৰ্য(Distribition of Financial Grant) প্ৰদান কৰে । ইয়াৰ পৰৱৰ্তী সময়ত কোকৰাঝাৰত পুনৰ এনডিএফবিৰ একাংশ সদস্যক আৰ্থিক সাহাৰ্য প্ৰদান কৰিব ৷ দেওবাৰে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীয়ে ১৭ জন সদস্যক এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰে ।
সভাত বাক্সা জিলা প্ৰশাসনৰ ভিজন ডকুমেন্টতো মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই ভাষণত নৰেন্দ্ৰ মোডী আৰু ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহক অসমবাসীৰ হৈ ধন্যবাদ জ্ঞাপন কৰি কয় যে, সময়ৰ লগে লগে যিদৰে ৰাজনৈতিক পৰিৱৰ্তন হয়, ঠিক সেইদৰে ভৌগলিক পৰিৱৰ্তন হয় ৷ ১৯৮৫ চনৰ অসম আৰু আজিৰ অসমৰ মাজত পাৰ্থক্য আছে ।