বাক্সা, 20 অক্টোবৰ: উত্তৰ পূৰ্বাঞ্চল পৰ্যবেক্ষণ নীতিৰ আধাৰত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে মন্ত্ৰীত্বৰ দায়িত্ব লোৱাৰ পিচতে প্ৰথমবাৰলৈ অসমভূমি ভ্ৰমণ কৰে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক গৃহমন্ত্ৰী জি কিষান ৰেড্ডীয়ে । দেওবাৰে গুৱাহাটী বিমানবন্দৰৰ পৰা পোনে পোনে হেলিকেপ্তাৰৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ দৰঙামেলা স্থিত ৬৪ নং এছ এছ বি বাহিনীৰ চাওঁনীত উপস্থিত হয় ৰাজ্যিক গৃহমন্ত্ৰীগৰাকী ।
7 দিনীয়া ভ্ৰমণসূচীৰে অসম পালেহি কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক গৃহমন্ত্ৰী জি কিষান ৰেড্ডী - অসমত উপস্থিত ৰাজ্যিক গৃহমন্ত্ৰী জি কিশান ৰেড্ডী
উল্লেখ্য যে ৬৪ নং এছ এছ বি বাহিনীৰ বিষয়ববীয়া সকলৰ লগত সাম্প্ৰতিক সময়ৰ ওপৰত এক গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত মিলিত হয় জি কিশান ৰেড্ডী ৷ উক্ত আলোচনাত উপস্থিত থাকে বাক্সা জিলাৰ প্ৰশাসনিক বিষয়া সকল ।
অসমত ৰাজ্যিক গৃহমন্ত্ৰী জি কিশান ৰেড্ডী
উল্লেখ্য যে ৬৪ নং এছ এছ বি বাহিনীটোৰ বিষয়ববীয়া সকলৰ লগত সাম্প্ৰতিক সময়ৰ ওপৰত এক গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত মিলিত হয় জি কিষান ৰেড্ডী ৷ উক্ত আলোচনাত উপস্থিত থাকে বাক্সা জিলাৰ প্ৰশাসনিক বিষয়া সকল । সভাৰ অন্ততঃ মন্ত্ৰী গৰাকীয়ে ভাৰত ভূটান সীমান্তত থকা BP240/4 নং সীমান্ত খুটি পৰিদৰ্শন কৰে । সাংবাদিকক আগত প্ৰকাশ কৰা অনুসৰি 7 দিনলৈ অসমতে থাকিব মন্ত্ৰীগৰাকীয়ে ৷ তাৰ পিচত মণিপুৰলৈ উৰা মাৰিব জি কিষান ৰেড্ডী ।
TAGGED:
G kishan reddy latest news