অসম

assam

ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কি ক'লে প্ৰস্তুতি পৰাশৰে - নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কি ক'লে প্ৰস্তুতি পৰাশৰে

যি সময়ত জনপ্ৰিয় গায়ক জুবিন গাৰ্গে কেবৰ বিৰোধিতাৰে নিজৰ স্থিতিত অটল হৈ আছে, তেনে সময়তে ভ্ৰাম্যমান আৰু চলচিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কেব আৰু এন আৰ চিক লৈ ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া ৷

PRASTUTI PARASHAR
প্ৰস্তুতি পৰাশৰ

By

Published : Nov 28, 2019, 5:35 PM IST

বাক্সা,28 নৱেম্বৰঃনাগৰিকত্ব সংশোধনী বিধেয়ককলৈ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰস্তুতি পৰাশৰৰ ৷ যি সময়ত জনপ্ৰিয় গায়ক জুবিন গাৰ্গে কেবৰ বিৰোধিতাৰে নিজৰ স্থিতিত অটল হৈ আছে তেনে সময়তে ভ্ৰাম্যমান আৰু চলচিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কেব আৰু এন আৰ চিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ বাক্সা জিলাৰ মেৰকুছিত মঞ্চস্থ কৰা আৱাহন থিয়েটাৰৰ প্ৰথম দিনাৰ নাট সন্ধ্যাতৰা পৰিৱেশনৰ প্ৰাকমুহুৰ্তত অভিনেত্ৰী গৰাকীয়েনাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পূৰ্বৰ বিৰোধী স্থিতিতে অটল থকাৰ কথা ব্যক্ত কৰে ৷ অভিনেত্ৰী গৰাকীয়ে অসম আৰু অসমীয়াৰ স্বাৰ্থৰ বিপৰীতে যাব পৰা কোনো কামকে সমৰ্থন নকৰো বুলি স্পষ্ট ভাৱে প্ৰকাশ কৰে ৷ কেবৰ সংশোধনী সম্পৰ্কত কোনো তথ্য চৰকাৰে ৰাজহুৱা কৰা নাই বুলি মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে ৷ ইফালে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অসমত হোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিদেশী মুক্ত শুদ্ধ ৰূপত পোৱাটো বিচাৰে বুলি কয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰস্তুতি পৰাশৰ

ABOUT THE AUTHOR

...view details