বাক্সা,17 জুলাইঃ COVID19 ৰ ফলত স্তব্ধ সমগ্ৰ বিশ্বৰ জন জীৱন ৷ কিন্তু তেনে সময়তে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অপৰূপ সৌন্দৰ্যৰ আকৰ চুবুৰীয়া ৰাষ্ট্ৰ ভুটান ৷ প্ৰতি বছৰেই অৰণ্যাবৃত ভূটানৰ নিৰ্মল প্ৰাকৃতিক সৌন্দৰ্যই ৰিঙিয়াই মাতে পৰ্যটকক ৷ লক্ষ লক্ষ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ভূটান ৷ ইতিমধ্যে বিশ্ব পৰ্যটনৰ মানচিত্ৰতো উজলি উঠিছে হিমালয়ৰ পাদদেশত অৱস্থিত দেশ ভূটান।
কিন্তু আজি স্তব্ধ ভূটান,নাই কোনো ভিৰ,নাই কোনো ব্যস্ততা ৷ যাৰ ফলত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰ্যটন উদ্যোগ ৷ বাদ পৰি যোৱা নাই ক্ষুদ্ৰ ব্যৱসায়ী পৰা আৰম্ভ কৰি হোটেল ব্যৱসায়ীও ৷
এই সন্দৰ্ভত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভূটান সীমান্তত অৱস্থিত বিটিচিৰ দৰঙাজুলী পৰিষদীয় সমষ্টিৰ এন কে দৰঙাৰ চিলভাৰ ড্ৰেগন হোটেলৰ স্বত্তাধিকাৰীয়ে ই টিভি ভাৰতৰ সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে,কৰ'ণা মহামাৰীৰ পূৰ্বে হোটেল ব্যৱসায়ত তেওঁ প্ৰতি দিনে ১৫ ৰ পৰা ২০ হাজাৰলৈ উপাৰ্জন কৰিছিল কিন্তু পৰ্যটকৰ অভাৱত দুৰ্যোগ নামি আহিছে জীৱনলৈ ৷ নিজৰ ধনেৰেই কৰ্মচাৰী সকলক দিবলগীয়া হৈছে মাহেকীয়া বেতন ৷