অসম

assam

By

Published : May 18, 2019, 2:26 PM IST

ETV Bharat / state

ভগৱান বুদ্ধৰ মানৱ প্ৰেমৰ বন্দনাৰে মুখৰিত বাক্সাৰ মুছলপুৰ

বুদ্ধং শৰণং গচ্ছামি, ধৰ্মং শৰণং গচ্ছামি, সংঘং শৰণং গচ্ছামি ৷ এক উৎসৱমুখৰ পৰিৱেশৰ মাজত বাক্সাৰ মুছলপুৰত ভগৱান বুদ্ধৰ প্ৰতিমাত পূজা অৰ্চনা কৰি সকলোৰে মংগল কামনা বৌদ্ধ ভিক্ষুসকলৰ ৷

ভগৱান বুদ্ধৰ মানৱ প্ৰেমৰ বন্দনাৰে মুখৰিত বাক্সাৰ মুছলপুৰ

চাপাগুৰি, 18 মে' : আজি পবিত্ৰ বুদ্ধ পূৰ্ণিমা ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাৰ সদৰ মুছলপুৰতো পূৰ্বাঞ্চল তামাং বুদ্ধ সংঘ আৰু বুদ্ধিষ্ট আৰ্ট ইডুকেচন এণ্ড ডেভেলপমেন্ট কমিটিৰ উদ্যোগত উদযাপন 2563 সংখ্যক বুদ্ধ জয়ন্তী ৷ মুছলপুৰত থকা ঐতিহ্যমণ্ডিত মুছলপুৰ বুদ্ধ মন্দিৰত বুদ্ধ জয়ন্তী উৎস উপলক্ষে দেশৰ ভিন্ন প্ৰান্তৰ উপৰিও ভূটান, নেপাল আদি বহিঃৰাষ্ট্ৰৰ পৰা অজস্ৰ বৌদ্ধ ধৰ্মী লোকৰ সোঁত বোৱাৰ লগতে ভগবান বুদ্ধক আৰধনা কৰে তেওঁলোকে । এক উৎসৱমুখৰ পৰিৱেশত ভগৱান বুদ্ধৰ প্ৰতিমাক বৌদ্ধ ভিক্ষুসকলে পূজা অৰ্চনা কৰি সকলোৰে মংগল কামনা কৰে ৷ ধৰ্মীয় প্ৰাৰ্থনা, বন্তি প্ৰজ্জলন, আদিৰ পাচতে বাৰেৰহনীয়া সংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ লগতে প্ৰায় কেইবাশতাধিক বৌদ্ধ ধৰ্মালম্বীলোকে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি বুদ্ধৰ প্ৰেম আৰু ভাতৃত্বৰ বাণীৰে আকাশ -বতাহ মুখৰিত কৰি তোলে ৷

ভগৱান বুদ্ধৰ মানৱ প্ৰেমৰ বন্দনাৰে মুখৰিত বাক্সাৰ মুছলপুৰ

ABOUT THE AUTHOR

...view details