প্ৰমোদ বড়ো মোৰ বাবে কোনো ধৰণৰ প্ৰত্যাহ্বান নহয়ঃ ধীৰেন বড়ো
খোখলাবাৰী পৰিষদীয় সমষ্টিত দুইজনকৈ বিটিআৰ চুক্তি স্বাক্ষৰকাৰী নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ এজন চুক্তি স্বাক্ষৰকাৰীয়ে আনজনক সন্মান কৰিব জনাব লাগিছিল । প্ৰমোদ বড়োৱে খোখলাবাৰী পৰিসদীয় সমষ্টিত নিজে জয়ী হোৱাৰ উদ্দেশ্যত নহয় কেৱল মোক হৰুৱাবলৈ আহিছে বুলিও মন্তব্য কৰে ধীৰেন বড়োই ।
বাক্সা, 7 জুন : বিটিআৰ চুক্তিৰ অন্যতম এগৰাকী স্বাক্ষৰকাৰী ধীৰেন বড়োৰ ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে ধীৰেন বড়োই । ২০ জানুৱাৰীত বড়োসকলৰ বহু ঐতিহাসিক বিটিআৰ চুক্তি স্বাক্ষৰ হৈছিল । কিন্তু সমগ্ৰ পৃথিৱীত কৰ'ণা মহামাৰীৰ সন্ত্ৰাসৰ বাবে বিটিচিৰ নিৰ্বাচন স্থগিত ৰাখিবলগীয়া হয় । জনগণে গণতান্ত্ৰিক ভাবে বিচাৰিছিল যদিও দুৰ্ভাগ্যবশত বৰ্তমান বিটিএডি ৰাজ্যপালৰ শাসনত । যদি জনসাধাৰণে বিচৰা ধৰণে গণতান্ত্ৰিকভাৱে চৰকাৰৰ মনোযোগ লাভ কৰিলে হয় তেন্তে আজি বিটিচিত কোনো ধৰণৰ অসুবিধা সৃষ্টি নহ'লহেতেন বুলি মন্তব্য কৰে ধীৰেন বড়োৱে।