বাক্সা, ২৪ জুলাই: "আমি চৰকাৰ গঠন কৰাৰ পৰাই চেষ্টা কৰিছো যে মাটিৰ সমস্যা সমাধান কৰিব লাগে ৷ এতিয়াও বহুত সমস্যা সমাধান হৈছে যদিও বহু ঠাইৰ পৰা এতিয়াও অভিযোগ আহি আছে ৷ দৰিদ্ৰ লোকসকলে ভূমিৰ নামজাৰি কৰিবলৈ আহিলে এচামে ধনৰ লেনদেন কৰে বুলি বহুতো অভিযোগ উত্থাপিত হৈ আহিছে ৷ সেইবাবে এই বৈঠকত আমি ৰাজহ চক্ৰ বিষয়াসকলক অতি সোনকালে এইসমূহ সমস্যা ঠিক কৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছো ৷ 15 আগষ্টৰ পিছৰ পৰা প্ৰতিটো ৰাজহ চক্ৰ কাৰ্যালয়ত এটাকৈ অভিযোগৰ বাকচ আৰু হেল্পলাইন নম্বৰ যোগান ধৰিম ৷ গৰখহনীয়াত ভূমি হেৰুওৱা লোকসকলৰ লগতে অন্য কাৰণত ভূমিহীন লোকসকলক অচিৰেই পুনৰ সংস্থাপন দিবলৈ চেষ্টা কৰিছো ৷ আমি বিটিআৰৰ অন্তৰ্ভুক্ত চাৰিখন জিলাত ইতিমধ্যে এই সন্দৰ্ভত জৰীপ চলাইছো ৷"
বি টি আৰত ভূমিৰ সমস্যা সমাধান কৰিবলৈ তৎপৰ হৈছে জিলা প্ৰশাসন (Pramod Boro on BTR land issue) ৷ দেওবাৰে বাক্সা জিলাৰ বৰমা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্থিত ভূমি আৰু ৰাজহ বিভাগৰ এখন গুৰুত্বপূৰ্ন সভাত অংশ গ্ৰহন কৰি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে এই মন্তব্য কৰে (BTR land issue resolve soon)।
তেওঁ লগতে কয় যে বসুন্ধৰা আঁচনিৰ দৰেই বি টি আৰত বৈসুমতী আঁচনিৰ জৰিয়তে দ্ৰোনৰ দ্বাৰা চৰকাৰী ভূমি জৰীপ আৰু নামজাৰিৰ কাম আৰম্ভ কৰা হ'ব ৷ এই আঁচনিৰ অধীনত ভূমিৰ অধিকাৰ আৰু জৰীপ কাৰ্যৰ দ্বাৰা অঞ্চলটোৰ লোকসকলে বহুতো সমস্যাৰ মুক্ত হ'ব পাৰিব ৷