অসম

assam

ETV Bharat / state

বাক্সাৰ ভূইচম্পাদেৱী মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ আৰম্ভ - মন্দিৰ পৰিদৰ্শ

বাক্সাৰ ভূইচম্পাদেৱী মন্দিৰত দ্বিতীয় বাৰ্ষিক প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ আৰম্ভ ৷ 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই মহোৎসৱ ৷

btr-em-gyanshyam-das-paresent-at-baksa
বাক্সাৰ ভূইচম্পাদেৱী মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ আৰম্ভ

By

Published : Feb 14, 2021, 9:12 PM IST

বাক্সা, 14 ফেব্ৰুৱাৰী : বাক্সা জিলাৰ নিকাচিস্থিত মইনাপুখুৰী ভূইচম্পাদেৱী মন্দিৰত 12 ফেব্ৰুৱাৰীৰ পৰা 16 ফেব্ৰুৱাৰীলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ আৰম্ভ হৈছে ৷ পূজাৰ তৃতীয় দিনা বিটিআৰৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস উপস্থিত হয় মইনাপুখুৰী ভূইচম্পাদেৱী মন্দিৰত ৷

বিটিআৰৰ কাৰ্যবাহী সদস্য ঘনস্যাম দাসৰ মন্তব্য

সদস্য গৰাকীয়ে মন্দিৰ পৰিদৰ্শন কৰি মন্দিৰৰ কাৰণে কৰিবলগীয়া কাম যেনে জিৰণি চ’ৰা, যান-বাহন ৰখোৱা ঠাই, দূৰ-দূৰণীৰ পৰা ভক্তসকল আহি থাকিব পৰা ব্যৱস্থা কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে ৷

ইয়াৰ উপৰিও মন্দিটোৰ পৰ্যটনৰ দিশতো গুৰুত্ব আৰোপ কৰিব বুলি কয় ঘনশ্যাম দাসে ৷ উল্লেখ্য যে, পাঁচদিনীয়া কাৰ্যসূচীত বিভিন্ন ঠাইৰ পৰা অহা মহিলা সমিতিৰ দ্বাৰা নাম-প্ৰসংগ অনুষ্ঠিত হৈ আছে ৷

লগতে পঢ়ক :পানীত বুৰ গৈ থকা এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

ABOUT THE AUTHOR

...view details