অসম

assam

By

Published : Aug 13, 2021, 7:57 AM IST

ETV Bharat / state

বাক্সাত অংগনবাড়ী গৃহৰ আধাৰশিলা স্থাপন বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৰ

বাক্সাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ বিভিন্ন ঠাইত অংগনবাদী গৃহৰ আধাৰশিলা স্থাপন কৰা হয় । উক্ত আধাৰশিলা অনুষ্ঠানটোত উপস্থিত থাকে বিটিআৰৰ (BTR) অধ্যক্ষ কাতিৰাম বড়োৰ লগতে বাক্সা জিলা ইউপিপিএলৰ কৰ্মীসকল।

btr-chairman-katiram-boro-to-lay-foundation-stone-of-anganwadi-house-in-baksa-etv-bharat-assam
বাক্সাত অংগনবাদী গৃহৰ আধাৰশিলা স্থাপন বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৰ

বাক্সা, ১২ আগষ্ট :বৃহস্পতিবাৰে বাক্সা জিলাৰ 22 নং ককলাবাৰী পৰিষদীয় সমষ্টিৰ বিভিন্ন ঠাইত স্থাপন কৰা হয় অংগনবাড়ী গৃহৰ আধাৰশিলা । তাৰ সমান্তৰালভাৱে শিলবাৰী ভি চি ডি চিৰ চহোগুৰীটো অংগনবাড়ী গৃহৰ আধাৰশিলা স্থাপন কৰাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজ আনন্দত আত্মহাৰা হৈ পৰিছে ৷ এই অধাৰশিলা স্থাপনৰ ফলত ৰাইজৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হোৱাৰ পথ মুকলি হৈছে ৷

বাক্সাত অংগনবাদী গৃহৰ আধাৰশিলা স্থাপন বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৰ

উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানটোত উপস্থিত থাকে বিটিআৰৰ (BTR) অধ্যক্ষ কাতিৰাম বড়োৰ লগতে বাক্সা জিলা ইউপিপিএলৰ কৰ্মীসকল । আধাৰশিলা স্থাপন কৰি সংবাদ মাধ্যমৰ আগত বড়োৱে বৃহস্পতিবাৰৰ দিনটোত 22 নং ককলাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এমজিএনৰেগা (MGNREGA)ৰ অধীনত 18 টাকৈ অংগনবাড়ী গৃহৰ আধাৰশিলা স্থাপন কৰাৰ কথা জানিবলৈ দিয়ে ।

বিগত বহু দিনৰ পৰা অংগনবাড়ী গৃহ নথকাৰ বাবে ৰাইজে যিসমূহ বহুতো অসুবিধাৰ সন্মুখীন হৈছে, সেই সমস্যাও এই আঁচনিৰ যোগেদি নাইকীয়া হ’ব বুলি মন্তব্য কাতিৰাম বড়োৰ ।

ইয়াৰ উপৰিও প্ৰতিখন আঁচনিৰ নামত 5 লাখতকৈও অধিক টকাৰে এটা উন্নতমানৰ অংগনবাড়ী গৃহৰ নিৰ্মাণেৰে কণ কণ শিশু সকলৰ ভৱিষ্যত দিশ সুচল হ'ব বুলিও দোহাৰ বিটিআৰৰ অধ্যক্ষগৰাকীয়ে ।

লগতে পঢ়ক:চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ প্ৰতিবাদ অব্যাহত

ABOUT THE AUTHOR

...view details