বাক্সা,6 ফেব্ৰুৱাৰীঃশুকুৰবাৰেঐতিহাসিক বিটিআৰ চুক্তিৰ বিজয় উৎসৱ পালন কৰা হ’ব ৷ কোকৰাঝাৰ জিলাৰ জাংখ্ৰীখাই পথাৰত অনুষ্ঠিত হ’বলগীয়া এই বিজয় উৎসৱত অংশ লব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এয়া বড়োসকলৰ বাবে তৃতীয় ঐতিহাসিক বিজয় উৎসৱ ৷ বিজয় উৎসৱৰ অংশীদাৰ হ’বলৈ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ কুমাৰীকাটা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাই ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি তুলিছে ৷
বিটিআৰ চুক্তিৰ বিজয় উৎসৱ পালনৰ পূৰ্ণ প্ৰস্তুতি নিখিল বড়ো ছাত্ৰ সন্থাৰ - btr celebration praperation at baksa
শুকুৰবাৰে ঐতিহাসিক বিটিআৰ চুক্তিৰ বিজয় উৎসৱ পালন কৰা হ’ব ৷ কোকৰাঝাৰ জিলাৰ জাংখ্ৰীখাই পথাৰত অনুষ্ঠিত হ’বলগীয়া এই বিজয় উৎসৱত অংশ লব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷
বিজয় উৎসৱ পালনৰ পূৰ্ণ প্ৰস্তুতি
উল্লেখ্য যে,অঞ্চলটোৰ প্ৰায় তিনিৰ পৰা চাৰি হাজাৰ বড়ো লোকৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে ইয়াত অংশগ্ৰহণ কৰিব ৷ এই কথা প্ৰকাশ কৰে বাক্সা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সম্পাদক জলেন দৈমাৰীয়ে ৷ ইতিমধ্যে বৃহস্পতিবাৰে বিটিআৰ চুক্তিৰ বিজয় উৎসৱৰ বাবে বড়োভূমিৰ বিভিন্ন ঠাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰিবলৈ বাইক ৰেলী উলিওৱা হৈছে ৷
লগতে চাওকঃপ্ৰথমে বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ় কৰক