বৰপেটাৰোড, 11 নৱেম্বৰ :বাক্সাৰ নিমুৱাত এক সংবাদমেল সম্বোধন কৰি কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীয়ে ইউ পি পি এলক সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে । সংবাদমেলত কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীৰ কেন্দ্ৰীয় সম্পাদক উত্তম কুমাৰ ৰয়ে সদৰি কৰে এই কথা ৷
বিটিচিত পৰিৱৰ্তনৰ স্বাৰ্থত ইউ পি পি এলক সমৰ্থন কৰা বুলি কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীৰ এই সিদ্ধান্ত লোৱা বুলিও মন্তব্য কৰে দলটোৰ কেন্দ্ৰীয় সম্পাদক গৰাকীয়ে ৷ জনজাতীয় সম্পৰ্কত ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ সৈতে এক বৈঠকত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও অৱগত কৰে সংবাদমেলত ।