অসম

assam

ETV Bharat / state

বৰমাত বিচিটিৰ প্ৰথমখন কৃষক সমাৰোহ - BTC'S first farmers convocation at baksha's borma

বিটিএডিৰ কৃষিপ্ৰধান জিলা বাক্সাৰ বৰমাত 9 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈ তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে প্ৰথম বড়োলেণ্ড কৃষক সমাৰোহ ৷ বিটিচিৰ কৃষকসকলক উৎসাহিত কৰাৰ বাবে প্ৰথমবাৰৰ বাবে বিটিচি প্ৰশাসনে অনুষ্ঠিত কৰিছে প্ৰথম বড়োলেণ্ড কৃষক সমাৰোহ ৷

BTC'S first farmers convocation at baksha's borma
বাক্সাৰ বৰমাত তিনিদিনীয়াকৈ আৰম্ভ বিটিচিৰ কৃষক সমাৰোহ

By

Published : Jan 9, 2020, 8:49 PM IST

বৰমা, 9 জানুৱাৰীঃবাক্সা জিলাৰ বৰমাত বৃহস্পতিবাৰৰ পৰা শণিবাৰলৈকে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে প্ৰথম বড়োলেণ্ড কৃষক সমাৰোহ ৷ উল্লেখ্য যে বিটিচিৰ কৃষকসকলক উৎসাহিত কৰাৰ বাবে প্ৰথমবাৰৰ বাবে বিটিচি প্ৰশাসনে বৰমাত তিনিদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত কৰিছে প্ৰথম বড়োলেণ্ড কৃষক সমাৰোহ ৷ সমাৰোহৰ প্ৰথম দিনাই অংশগ্ৰহণ কৰে সমগ্ৰ বিটিএডিৰ কৃষকসকলে । মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই কৃষকসকলক অধিক উৎপাদনক্ষম বীজ ব্যৱহাৰ কৰি স্বাৱলম্বী হোৱাৰ বাবে আহ্বান জনায় ৷ কৃষকসকলক উৎসাহিত কৰি বিটিএডিত কৃষি উৎপাদন বৃদ্ধি কৰাৰ বাবে এই সমাৰোহৰ আয়োজন কৰা হৈছে বুলি সদৰি কৰে বিটিচিৰ কৃষি বিভাগৰ কাৰ্য্যবাহী সদস্য অনচুমৈ খুংগুৰ বড়োই ৷

বাক্সাৰ বৰমাত তিনিদিনীয়াকৈ আৰম্ভ বিটিচিৰ কৃষক সমাৰোহ

সমাৰোহখনত মীন, ৰেচম, পশুপালনকে ধৰি কৃষিৰ লগত জড়িত প্ৰতিটো বিভাগে অংশগ্ৰহন কৰে ৷ সভাত বাক্সাৰ উপায়ুক্ত ৰঞ্জন শৰ্মা, বৰমা ৰাজহ চক্ৰ বিষয়া, চাপাগুৰী সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীৰ লগতে বিটিচিৰ কৃষি বিষয়া সকল উপস্থিত থাকে ৷ ১১ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত উপস্থিত থাকিব বিটিএডিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, ৰাজ্যৰ পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰী, বিটিচিৰ সকলো বিভাগৰ কাৰ্যবাহী সদস্য, আৰু বিপিএফ দলৰ সকলো বিধায়ক ।

আৰু পঢ়ক : বাক্সাত অনুষ্ঠিত হ'ব বড়োলেণ্ড কৃষক সমাৰোহ

ABOUT THE AUTHOR

...view details