বাক্সা , 14 জানুৱাৰী :অসমীয়াৰ বাপতিসাহোন ভোগালীৰ উৰুকাৰ নিশা মাছে-মঙহে এসাঁজ খাবলৈ বাক্সাৰ বজাৰত গ্ৰাহকৰ ভিৰ ৷ কোনোৱে যদি কিনিছে হাঁহ, কোনোৱে আকৌ কিনিছে প্ৰকাণ্ড ৰৌ,ভকুৱা,চিতল । মুঠৰ ওপৰত ভোগালীৰ ভোগৰ বজাৰত ব্যস্ত সকলো ৷ বাক্সাত বিটিচিৰ এগৰাকী এমচিএল এ ৰাইজক উৰুকাত বিতৰণ কৰিলে মাছ ৷ বাক্সাৰ ২৫ নং বাগানপাৰা পৰিষদ সমষ্টিৰ এম চি এল এ ফলিন্দ্ৰ বসুমতাৰীয়ে সমষ্টিটোৰ ৰাইজক উৰুকাত বিনামূলীয়াকৈ মাছ বিতৰণ কৰে ৷ স্থানীয় ভাৱে গৰীৱৰ বন্ধু হিচাপে পৰিচিত এই গৰাকী জনপ্ৰতিনিধিয়ে প্ৰতি বছৰে উৰুকাৰ দিনা এনেকৈয়ে গৰীৱ ৰাইজৰ মাজত বিতৰণ কৰি আহিছে মাছ ৷ ৰাইজেও প্ৰতিনিধিগৰাকীৰ এনে কাৰ্যক ভূয়সী প্ৰশংসা কৰে ৷
বাক্সাত বিটিচিৰ এমচিএল এ ভোগালীৰ উৰুকাত ৰাইজলৈ বিতৰণ কৰিলে মাছ - BTC MCL distributed fish among masses at baksha
বাক্সাত বিটিচিৰ এগৰাকী এমচিএলে ৰাইজক উৰুকাত বিতৰণ কৰিলে মাছ ৷ বাক্সাৰ ২৫ নং বাগানপাৰা পৰিষদ সমষ্টিৰ এম চি এল এ ফলিন্দ্ৰ বসুমতাৰী ৷ স্থানীয় ভাৱে গৰীৱৰ বন্ধু হিচাপে পৰিচিত বাক্সাৰ ২৫ নং বাগানপাৰা পৰিষদ সমষ্টিৰ এম চি এল এ ফলিন্দ্ৰ বসুমতাৰীয়ে দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰে মাছ ৷
![বাক্সাত বিটিচিৰ এমচিএল এ ভোগালীৰ উৰুকাত ৰাইজলৈ বিতৰণ কৰিলে মাছ BTC MCL distributed fish among masses at baksha](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5708013-thumbnail-3x2-jjlgkhjglhjglhj.jpg)
বাক্সাত বিটিচিৰ এমচিএলএ ভোগালীৰ উৰুকাত ৰাইজক বিতৰণ কৰিলে মাছ
বাক্সাত বিটিচিৰ এমচিএল এ ভোগালীৰ উৰুকাত ৰাইজলৈ বিতৰণ কৰিলে মাছ
আৰু পঢ়ক :বৰমাত বিচিটিৰ প্ৰথমখন কৃষক সমাৰোহ