বাক্সা, 12 এপ্ৰিল : বিপিএফ দলৰ এজন বিধায়কে ৰাজ্যৰ কেবিনেটত মন্ত্ৰীত্ব পাব বুলি বিভিন্ন সংবাদ মাধ্যমত চৰ্চা চলি থকাৰ সময়তে মঙলবাৰে এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে ইউপিপিএল দলৰ অন্যতম মুখপাত্ৰ তথা বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৷ মঙলবাৰে বাক্সা জিলাৰ মুছলপুৰত এক সংবাদমেলযোগে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই কয় যে, বিপিএফৰ এনে ভাল দিন অহা নাই যে তেওঁলোকক মন্ত্ৰীসভাত স্থান দিব ৷
কাৰণ বিপিএফৰ যোৱা 17 বছৰীয়া কাৰ্যকালৰ সময়ত হোৱা দুৰ্নীতিৰ সমান্তৰালভাৱে যি অস্ত্ৰৰ জনজননি কৰি থৈ গৈছে, তাৰ ওপৰত আজিও বহু গোচৰ চলি আছে ৷ তদন্তকাৰী সংস্থা নিয়া(NIA) আৰু চিবিআই(CBI)ৰ তদন্ত বৰ্তমানো চলি আছে ৷ এই নিয়াৰ তদন্তত বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ লগতে বিপিএফৰ বহুতো নেতা-পালিনেতা জেললৈ যাব ৷
গতিকে তেনেস্থলত মন্ত্ৰী সভাত স্থান পোৱা দূৰৈৰ কথা, তেওঁলোকে সেই আশা বাদ দি জেলত যোৱাৰ বাবে গাৰু, আঠুঁৱা-কম্বল আদি যোগাৰ কৰি লোৱাই ভাল বুলি কটাক্ষ কৰে ব্ৰহ্মই ৷ আনহাতে, সদ্য সমাপ্ত ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপি, অগপ আৰু ইউপিপিএল মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপিএফৰ তিনিজন বিধায়কে ভোট প্ৰদান কৰা বুলি কোৱা কথাষাৰো নস্যাৎ কৰে ৰাকেশ ব্ৰহ্মই ৷
লগতে পঢ়ক :খানাপাৰাৰ পৰা গুৱাহাটী বিমান বন্দৰলৈকে নিৰ্মাণ হ’ব ৰোপৱে’
তেওঁ কয় যে, গণতান্ত্ৰিক দেশত ভোটদান কৰাটো কোনো ডাঙৰ কথা নহয় ৷ কিন্তু বিপিএফৰ তিনিজন বিধায়কে মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোটদান কৰাতো মিছা কথা, ৰাজ্যসভাত ইউপিপিএলৰ প্ৰাৰ্থীগৰাকী বিপিএফৰ ভোটেৰে বিজয়ী হোৱা নাই বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ইউপিপিএল দলৰ মুখপাত্ৰ গৰাকীয়ে ৷
লগতে আগন্তুক লোকসভা নিৰ্বাচন(Lok Sabha election 2024)ত বিজেপিয়ে 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ওলোৱা প্ৰসংগতো ব্ৰহ্মই কয় যে, গণতান্ত্ৰিক দেশত নিৰ্বাচন খেলাৰ সকলোৰে অধিকাৰ আছে ৷ তাত আমাৰ ক'বলগীয়া নাই ৷ কিন্তু কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএল দলে নিজাববীয়াকৈ প্ৰাৰ্থীত্ব প্ৰদান কৰিব আৰু জয়ী হোৱাতো এশ শতাংশই নিশ্চিত ৷
ইফালে বিপিএফৰ বিধায়ক দুৰ্গাদাস বড়োকো তীব্ৰ ভাষাৰে সমালোচনা কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৷ দুৰ্গা দাস বড়োৰ ভাষ্যৰ কোনো ভিত্তি নাই বুলি উল্লেখ কৰি কয় যে, বড়ো এগৰাকী ভেঁটি নোহোৱা ডলাৰ বগৰী ৷ তেনে এজন ব্যক্তিৰ আজি কোনো ভিত্তি নাই বা ব’ঠা নোহোৱা নাৱৰ নিচিনা বুলি কটাক্ষ কৰে ৰাকেশ ব্ৰহ্মই ৷