অসম

assam

ETV Bharat / state

মুছলপুৰত কৃষি বিভাগৰ কাৰ্যালয়ত ঘনশ্যাম দাসৰ আকস্মিক পৰিদৰ্শন

বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস হঠাৎ উপস্থিত হয় মুছলপুৰস্থিত জিলা কৃষি বিভাগৰ কাৰ্যালয়ত । কাৰ্যবাহী সদস্যগৰাকীয়ে জনোৱা মতে বছৰ বছৰ ধৰি সমস্যাৰ মাজেৰে কাম কৰি আহিছে বাক্সা জিলাৰ কৃষি বিষয়া তথা কৰ্মচাৰীসকলে ।

মুছলপুৰত কৃষি বিভাগৰ কাৰ্যালয়ত ঘনশ্যাম দাসৰ আকস্মিক পৰিদৰ্শন
মুছলপুৰত কৃষি বিভাগৰ কাৰ্যালয়ত ঘনশ্যাম দাসৰ আকস্মিক পৰিদৰ্শন

By

Published : Jun 11, 2021, 11:04 PM IST

বাক্সা,৯ জুন:বিভিন্ন সময়ত কৃষি বিভাগৰ কাৰ্যালয়সমূহৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হয় । কাৰ্যালয়লৈ বিষয়াসকল সময়মতে নহা, কৃষকে কোনো সঁহাৰি লাভ নকৰা আদি অভিযোগকে ধৰি কিছুমান কাৰ্যালয়ত বহিবলৈ ঠাইৰ অভাৱ আৰু ক'ৰবাত স্থায়ী ঘৰ নথকা আদি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত কৃষি বিভাগৰ কাৰ্যালয়সমূহ ।

কৃষি বিভাগৰ কাৰ্যালয়ত হঠাৎ উপস্থিত কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস

এই সমস্যাসমূহৰ কথা গম পোৱাৰ পাচতে বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস হঠাৎ উপস্থিত হয় মুছলপুৰস্থিত জিলা কৃষি বিভাগৰ কাৰ্যালয়ত । কাৰ্যবাহী সদস্যগৰাকীয়ে জনোৱা মতে বছৰ বছৰ ধৰি সমস্যাৰ মাজেৰে কাম কৰি আহিছে বাক্সা জিলাৰ কৃষি বিষয়া তথা কৰ্মচাৰী সকলে ।

বিভিন্ন সময়ত তেওঁ কাৰ্যালয়সমূহত উপস্থিত হৈ খেতিয়কসকলক সহায় কৰাৰ বাবে বিষয়াসকলে পথাৰত যায় নে নাযায় সেই কথাৰো বুজ লয় । কাৰ্যবাহী সদস্যগৰাকীৰ মতে কাৰ্যালয়ত বিষয়া তথা কৰ্মচাৰীসকল বহিবলৈ ঠাইৰ অভাৱ হোৱাৰ লগতে কৃষকৰ বাবে আৱন্টিত বীজসমূহ বিতৰণ কৰাৰ বাবেও প্ৰয়োজনীয় ঠাই নাই । সেয়ে এই সকলো সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও কৃষি বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়ে আশ্বাস দিয়ে ।

লগতে পঢ়ক:নিৰ্মাণ নহ'ল বাংলিপাৰা গড়কাপ্তানী পথ

ABOUT THE AUTHOR

...view details