অসম

assam

ETV Bharat / state

বাক্সাত অব্যাহত বিটিচি পৰিষদীয় নিৰ্বাচনৰ নিৰ্বাচনী হিংসা ! - BTC election violence continue

সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ নেতা আজিজুৰ ৰহমানৰ এক অভিযোগে এতিয়া চৰ্চালৈ আনিছে এই বিষয়টো ৷ ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে নেতা গৰাকী ৷ আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ সবিশেষ ৷

btc-election-violence-continue-at-baksa
বাক্সাত অব্যাহত বিটিচি পৰিষদীয় নিৰ্বাচনৰ নিৰ্বাচনী হিংসা!

By

Published : Dec 22, 2020, 6:38 PM IST

বাক্সা,22 ডিচেম্বৰ: বিটিচিৰ পৰিষদীয় নিৰ্বাচন অন্ত পৰাৰ পিচতো অন্ত পৰা নাই নিৰ্বাচনী হিংসা ৷ সোমবাৰে নিশা বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত গোৱৰ্দ্ধনা গাঁৱৰ সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ নেতা আজিজুৰ ৰহমানৰ বিলাহী খেতিত দুৰ্বৃত্তই অনিষ্ট সাধন কৰাৰ পাছতে পোহৰলৈ আহিছে এই কথা ৷ এই ঘটনাৰ আঁৰত কোনো ৰাজনৈতিক ষড়যন্ত্ৰ থকাৰ অভিযোগ উত্থাপন কৰিছে আজিজুৰ ৰহমানে ৷ নেতা গৰাকীয়ে সদ্য সমাপ্ত বিটিচি নিৰ্বাচনত বিপিএফ দললৈ মুকলি সমৰ্থন আগবঢ়োৱাৰ বাবেই আন দলৰ কোনো সদস্যই এই কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে নেতা গৰাকীয়ে ৷

বাক্সাত অব্যাহত বিটিচি পৰিষদীয় নিৰ্বাচনৰ নিৰ্বাচনী হিংসা!

ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে নেতা গৰাকীয়ে ৷ ঘটনাৰ উচিত তদন্ত কৰি দোষীক চিনাক্ত কৰিবলৈ দাবী জনায় ভুক্তভোগী আজিজুৰ ৰহমানে ৷ টকা ধাৰলে লৈ খেতি কৰা আজিজুৰ ৰহমানে দুস্কৃতিকাৰীৰ এনে কাণ্ডত এতিয়া মূৰে কপালে হাত দিব লগীয়া হৈছে ৷

লগতে পঢ়কঃশীঘ্ৰে মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ

ABOUT THE AUTHOR

...view details