অসম

assam

By

Published : Nov 21, 2020, 10:08 PM IST

ETV Bharat / state

বিজেপিৰ নিৰ্বাচনী সভাত হাজিৰা দি বাহিৰৰ মানুহ অনা হয় : হাগ্ৰামা

হিমন্ত বিশ্ব শৰ্মাৰ সভাত মানুহ নাই বুলি মন্তব্য কৰি বিটিচিত বিজেপিৰ নিৰ্বাচনী সভাত সকলো বাহিৰৰ পৰা মানুহ আহে তথা হাজিৰা দি সেই মানুহখিনিক অনা হয় বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে হাগ্ৰামাই ।

btc-election-news
বিজেপিৰ নিৰ্বাচনী সভাত হাজিৰা দি বাহিৰৰ মানুহ অনা হয়ঃ হাগ্ৰামা

বৰমা, ২১ নবেম্বৰঃবাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ২০ নং মথনগুৰি পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী আখতাৰা বেগম আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে। বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ঘোৰামাৰাত নিৰ্বাচনী প্ৰচাৰ চলাই সাংবাদিকৰ আগত কয় যে, " আমাৰ বিজেপিৰ সতে মিত্ৰতা আছিল । এতিয়া ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যাহ্বান জনাইছে যে বিটিচিতেই হওক বা অসমতেই হওক বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিব। "

বিজেপিৰ নিৰ্বাচনী সভাত হাজিৰা দি বাহিৰৰ মানুহ অনা হয়ঃ হাগ্ৰামা

তদুপৰি হিমন্ত বিশ্ব শৰ্মাৰ সভাত মানুহ নাই বুলি মন্তব্য কৰি বিটিচিত বিজেপিৰ নিৰ্বাচনী সভাত সকলো বাহিৰৰ পৰা মানুহ আহে তথা হাজিৰা দি সেই মানুহখিনিক অনা হয় বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে হাগ্ৰামাই ।

লগতে পঢ়ক: ধুবুৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে ড৹ ফাইজুদ্দিনে

ABOUT THE AUTHOR

...view details