বাক্সা,13 মাৰ্চঃবিটিচিৰ নিৰ্বাচনক উদ্দেশ্যি সাজু হৈছে গণ সুৰক্ষা পাৰ্টী ৷ দলটোৱে নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰে । এই তালিকাখনত ৫টা ভিন্ন সমষ্টিত তামুলপুৰৰ ৫জন নেতাক অন্তৰ্ভুক্ত কৰা হৈছে । তাৰ ভিতৰত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ সমষ্টি দেৱৰগাঁৱত সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীয়ে যুৱ নেতা মনোজ কুমাৰ ৰাভাক প্ৰক্ষেপ কৰিছে । প্ৰাৰ্থী হিচাপে নাম ঘোষণা কৰাৰ পিছত যুৱনেতা মনোজ কুমাৰ ৰাভাক যথেষ্ট উৎফুল্লিত হোৱা দেখা যায় । শুকুৰবাৰে তামুলপুৰত সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিজয় নিশ্চিত বুলি দাবী কৰে প্ৰাৰ্থীগৰাকীয়ে ।
হাগ্ৰামা মহিলাৰীক প্ৰত্যাহ্বান জনাবলৈ সাজু গণ সুৰক্ষা সমিতি - সাংসদ নৱ কুমাৰ শৰণীয়া
বিটিচি পৰিষদীয় নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী থকা অৱস্থাত তৎপৰ হৈ পৰিছে শাসকীয় বিপিএফ দলৰ লগতে বিৰোধী দল সংগঠন সমূহ । বিশেষকৈ সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীয়ে ব্যাপক নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে ।
সাজু গণ সুৰক্ষা সমিতি
ইপিনে,বিটিচি প্ৰধান মহিলাৰীক পৰাজিত কৰিবলৈ গণ সুৰক্ষা পাৰ্টীয়ে সমষ্টিটোত ব্যাপক তৎপৰতা অৱলম্বন কৰিছে । সমষ্টিটোৰ চুকে-কোণে গৈ ভোটাৰৰ মন জয় কৰিবলৈ দলৰ নেতা-কৰ্মী-সমৰ্থকৰ লগতে প্ৰাৰ্থী মনোজ কুমাৰ ৰাভাই তীব্ৰ প্ৰচাৰ অভিযান চলাইছে ।
লগতে চাওকঃবিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত ভূৱনেশ্বৰ কলিতা,অজিত ভূঞা,বিশ্বজিৎ দৈমাৰী
Last Updated : Mar 13, 2020, 6:00 PM IST