বাক্সা, ১০ ফেব্ৰুৱাৰী :বাক্সা জিলাৰ অদালবাৰীস্থিত বিপিএফৰ মুখ্য কাৰ্যালয়ত শুকুৰবাৰে পালন কৰা হয় ২১ সংখ্যক বিটিচি চুক্তি দিৱস (21st BTC accords day) । উল্লেখ্য, ২০০৩ চনৰ ১০ ফ্ৰেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বিএলটিৰ মাজত হোৱা চুক্তিমৰ্মে বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল (Bodoland Territorial Council) গঠন কৰা হৈছিল ৷ শুকুৰবাৰে বাক্সা জিলা বিপিএফ দলে অদালবাৰীত থকা মুখ্য কাৰ্য্যালয়ত ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে (BTC accord day observed at Baksha) ৷
পুৱা জাতীয় পতাকা উত্তোলন কৰে বৰমা সমষ্টিৰ প্ৰাক্তন বিধায়ক মনেশ্বৰ ব্ৰহ্মই । আনহাতে, দলীয় পতাকা উত্তোলন কৰে প্ৰাক্তন বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে । শ্বহীদ তৰ্পণ কৰে ক্ৰমে প্ৰাক্তন ইএম অনচুমৈ খুংগুৰ বড়ো আৰু প্ৰাক্তন এমচিএলএ বনমালী বড়োৱে (BPF observed BTC accord day at Baksha) । লগতে বৃক্ষৰোপণ কাৰ্যসূচীতো সকলোৱে অংশগ্ৰহণ কৰে । কেইবাশ বিপিএফ নেতা-কৰ্মীৰ উপস্থিতিত উদযাপন কৰা হয় বিটিচি চুক্তি দিৱস ।
উল্লেখ্য, প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰে বিটিচি চুক্তিৰ দিনটো পালন নকৰাৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দল বিপিএফে ৰাইজৰ সহযোগত কেন্দ্ৰীয়ভাৱে চিৰাং জিলাত পালন কৰিব বুলি মন্তব্য কৰে বিপিএফৰ প্ৰাক্তন ই এম অনচুমৈ খুংগুৰ বড়োৱে । আনহাতে, প্ৰাক্তন বিপিএফ দলৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে কয় যে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফ দলে বিটিচি চুক্তিৰ দ্বাৰা বিটিচিত বহু উন্নয়নৰ কাম কৰিছিল ৷ বিটিচি উন্নয়নৰ ক্ষেত্ৰত বিপিএফ দলে বহু উন্নয়নমূলক আঁচনি গ্ৰহণ কৰি তাক কাৰ্যত ৰূপায়ণ কৰে ৷ বৰ্তমানৰ ইউপিপিএল চৰকাৰে চৰকাৰীভাৱে এই দিৱস পালন কৰিব লাগিছিল ৷ কিয়নো বিটিচি চুক্তিৰ দ্বাৰাহে এই অঞ্চলটোৱে উন্নয়নৰ মুখ দেখিবলৈ পালে ৷