অসম

assam

ETV Bharat / state

কানহাৰা ঘটনাক সাম্প্ৰদায়িক ৰূপ নিদিবলৈ আহ্বান অবড়ো সুৰক্ষা সমিতিৰ - মাধৱ ৰাজবংশী

পূৰ্বেও অবড়ো লোকৰ ওপৰত কেইবাটাও আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল যাৰ ফলত বিভিন্ন হিংসাত্মক ঘটনাৰ সূত্ৰপাত হৈছিল ৷ এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে সকলো পক্ষকে আহ্বান জনায় উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ বাবে প্ৰশাসনক দাবী কৰে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক মাধৱ ৰাজবংশীয়ে ৷

BTAD's Kanhara incident
কানহাৰা ঘটনাক সাম্প্ৰদায়িক ৰূপ নিদিবলৈ আহ্বান অবড়ো সুৰক্ষা সমিতিৰ

By

Published : Jul 17, 2020, 6:09 PM IST

বৰমা, ১৭ জুলাইঃক্ৰমাৎ উত্তপ্ত হৈ পৰিছে বি টি এ ডিৰ বাক্সা জিলা ৷ ঘটনা অনুসৰি,যোৱা 15 জুলাই তাৰিখে বাক্সা জিলাৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত কানহাৰাৰ ৰাজপথত ভৱানন্দ বসুমতাৰী এগৰাকী বড়ো চি আৰ পি এফ জোৱান আৰু এজন অবড়ো সংগঠনৰ কৰ্মীৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল ৷ ইয়াৰ পিছতে চি আৰ পি এফ জোৱান ভৱানন্দ বসুমতাৰীয়ে অবড়ো সংগঠনৰ কৰ্মী নয়ন দাসক চোকা অস্ত্ৰৰে ডিঙিত আক্ৰমণ কৰে যাৰ ফলত গুৰুতৰভাৱে আহত হয় নয়ন দাস ৷ এই ঘটনাৰ পিছত ছ'চিয়েল মিডিয়াত একাংশ লোকে বড়ো-অবড়োক লৈ সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা চলায় ৷

কানহাৰা ঘটনাক সাম্প্ৰদায়িক ৰূপ নিদিবলৈ আহ্বান অবড়ো সুৰক্ষা সমিতিৰ

ইয়াকে লৈ সৰৱ হৈ পৰিছে অবড়ো সুৰক্ষা সমিতি ৷ ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ নকৰিবলৈ অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক মাধৱ ৰাজবংশীয়ে ৰাইজক আহ্বান জনায় ৷ সাংবাদিকৰ আগত সম্পাদক গৰাকীয়ে মন্তব্য কৰি কয় যে,পূৰ্বেও অবড়ো লোকৰ ওপৰত কেইবাটাও আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল যাৰ ফলত বিভিন্ন হিংসাত্মক ঘটনাৰ সূত্ৰপাত হৈছিল ৷ এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে সকলো পক্ষকে আহ্বান জনায় উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ বাবে প্ৰশাসনক দাবী কৰে ৷

আনহাতে, বি টি চিৰ প্ৰাক্তন ই এম অনচুমৈ খুংগুৰ বড়োৱেও এনে ধৰণৰ ঘটনাই যাতে সাম্প্ৰদায়িক ৰূপ নলয় তাৰ বাবে সকলো পক্ষকে সংযত হ'বলৈ আহ্বান জনায় ৷ইয়াৰ উপৰিও নয়ন দাসৰ আক্ৰমণকাৰীয়ে যাতে উচিত শাস্তি পায় তাৰ বাবেও প্ৰশাসনক আহ্বান জনায় বি টি চিৰ প্ৰাক্তন ই এম গৰাকীয়ে ৷

উল্লেখযোগ্য যে,আক্ৰমণকাৰী চি আৰ পি এফ জোৱান ভৱানন্দ বসুমতাৰীক বৃহস্পতিবাৰে শিমলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

লগতে পঢ়কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি বনৰজা

ABOUT THE AUTHOR

...view details