বৰমা, ১ ডিচেম্বৰ: বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই বিটিচিত আৰম্ভ হৈছে প্ৰতিটো ৰাজনৈতিক দলৰে নিৰ্বাচনী ৰনডংকা । মঙলবাৰে বাক্সা জিলাৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী ৰাজু বৰালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই হাগ্ৰামা মহিলাৰীয়ে ৷ ভাষণ প্ৰসংগত মহিলাৰীয়ে কয় যে, নিৰ্বাচন শেষ হোৱাৰ দুমাহৰ ভিতৰতে ৰাইজক ভূমি পট্টা প্ৰদান কৰিম ৷
হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয়, তেওঁ বিটিচি অশান্ত কৰিব বিচাৰিছে ৷ হিমন্ত আৰু প্ৰমোদ বড়োৱে বিটিচিৰ পৰা বড়ো আৰু অবড়ো সকলক উচ্ছেদ কৰিব বিচাৰি কেন্দ্ৰীয় চৰকাৰলৈ আবেদন কৰিছে ৷ আমি বিপিএফ দলে কোনো কাৰণতে এই কাৰ্য হ'বলৈ নিদিওঁ ৷ ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ তথা বিপিএফ দলৰ পৰা পদত্যাগ কৰা বিশ্বজিত দৈমাৰীয়ে শিক্ষক সকলৰ ৪.৩৭ কৌটি টকা খাই বিজেপিলৈ গৈছে ৷