বৰমা, 26 মে': বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ নিকাছি- সুৱনখাটা পথত থকা এখন ভঙা দলঙে এতিয়া জীয়াতু ভুগাইছে ৰাইজক ৷ সদা ব্যস্ত পথটোত থকা মৰা পাগলদিয়া নৈৰ ওপৰত থকা এই ভঙা দলং খনৰ বাবে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অঞ্চলবাসী ৰাইজৰ ৷ কাৰণ প্ৰায় আঠ বছৰ মানৰ আগতে কেইবাকোটি টকা ব্যয় সাপেক্ষে উক্ত পকী দলং খন নিৰ্মাণ কৰা হৈছিল যদিও যোৱা বাৰিষাৰ বানপানীত দলং খনৰ মাজভাগ ভাগি পৰে ৷ যাৰ বাবে বাৰিষা হোৱাৰ লগে লগে পাগলদিয়া নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত এতিয়া যাতায়ত ব্যাহত হৈ পৰিছে ৰাইজৰ ৷
নিকাচিত এখন ভঙা দলঙে জীয়াতু ভুগাইছে ৰাইজক - Broken bridge at Nikashi
সদা ব্যস্ত পথটোত থকা মৰা পাগলদিয়া নৈৰ ওপৰত থকা ভঙা দলং খনৰ বাবে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অঞ্চলবাসী ৰাইজৰ ৷ কাৰণ প্ৰায় আঠ বছৰ মানৰ আগতে কেইবাকোটি টকা ব্যয় সাপেক্ষে উক্ত পকী দলং খন নিৰ্মাণ কৰা হৈছিল যদিও যোৱা বাৰিষাৰ বানপানীত দলং খনৰ মাজভাগ ভাগি পৰে দলং খন ৷

উল্লেখ্য যে, ব্যস্ত পথটোৰ ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সাময়িকভাবে চলাচল কৰিবলৈ বিগত বৰ্ষতে ভগ্ন অংশত এখন বাহৰ সাঁকো বনাই দিছিল বাক্সা জিলা প্ৰশাসনে ৷ বাৰিষাৰ পিছত খৰালিৰ সময়চোৱাত অঞ্চলটোৰ লোকসকলে দলঙৰ তলেৰে অহা যোৱা কৰিছিল যদিও বাৰিষাৰ প্ৰথমটো বানতে ব্যাহত হৈ পৰিল ৰাইজৰ যাতায়ত ৷ সম্প্ৰতি নৈ খনৰ দুয়োপাৰৰ লোক সকলে অতি জৰুৰী কামত তাত থকা অতি জৰাজীৰ্ণ বাহৰ সাঁকোৰে বিপদ সংকুল ভাবে পাৰ হৈ আছে যদিও অতি শীঘ্ৰে বন্ধ হৈ পৰিব উক্ত পথটোৰ যাতায়ত ব্যৱস্থা ৷ যাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কিবা এটা ব্যৱস্থা কৰি দিবলৈ চৰকাৰ তথা জিলা প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ আগন্তুক 7 দিন প্ৰত্যাহ্বানৰ দিন হ'বঃ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা