অসম

assam

ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া - অফলা

বাক্সা, শিৱসাগৰৰ বিস্তীৰ্ণ অঞ্চল নৈৰ বুকত জাহ গৈছে ৷ ঘৰৰবাৰী পৰ্যন্ত খহাই নিয়া তাণ্ডৱৰ পৰা কিছু লোকচান কমাবলৈ ৰাইজে বাৰীৰ গছ-গছনি কাটি নিৰাপদ স্থানত অৱস্থান কৰিছে । খহনীয়াই অফলা, চৰাইপৰা,মামল গড়ভঙা গাঁৱৰ প্ৰায় ৭০০ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে ৷

ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া

By

Published : Sep 4, 2019, 7:04 PM IST

শিৱসাগৰ,বাক্সা, 4 চেপ্তেম্বৰঃ শিৱসাগৰৰ দিচাংমুখ অফলাত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া ৷ বানৰ পাছত খহনীয়াৰ তাণ্ডৱে আতংকিত কৰি তুলিছে অঞ্চলবাসীক ৷ ইতিমধ্যে ঘৰৰবাৰী পৰ্যন্ত খহাই নিয়া তাণ্ডৱৰ পৰা কিছু লোকচান কমাবলৈ ৰাইজে বাৰীৰ গছ-গছনি কাটি নিৰাপদ স্থানত অৱস্থান কৰিছে । খহনীয়াই অফলা,চৰাইপৰা,মামল গড়ভঙা গাঁৱৰ প্ৰায় ৭০০ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। আনহাতে,খহনীয়াৰ তাণ্ডৱ সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাচতে মঙলবাৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে খহনীয়া বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে। অফলা গাঁও উন্নয়ন সমিতি আৰু টিএমপিকেই খহনীয়া প্ৰতিৰোধৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰে । খহনীয়াৰ বুজ লৈ খহনীয়া ৰোধৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে জনপ্ৰতিনিধি দুগৰাকীয়ে। উল্লেখ্য যে,বিগত প্ৰায় বিশ বছৰে অঞ্চলবাসী ৰাইজে খহনীয়া ৰোধৰ দাবী জনাই আহিছে । কিন্তু গা লৰা নাই চৰকাৰ আৰু প্ৰশাসনৰ । যাৰ বাবে মন্ত্ৰী-সাংসদে খহনীয়াৰ বুজ ল'বলৈ অহা সময়তে দিচাংমুখ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া

ইফালে বাক্সাত কালদিয়া নৈৰ প্ৰৱল গৰাখহনীয়াৰ ফলত কৃষিজীৱি ৰাইজৰ শ শ হেক্টৰ কৃষি ভূমি ইতিমধ্যে নৈৰ বুকুত জাহ যোৱাৰ লগতে চলিত বৰ্ষৰ বানত গাঁৱখনৰ মাজৰে যোৱা মূল পথটোৰ দুই ঠাইত গৰাখহনীয়াৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে । আনফালে প্ৰৱল গৰাখহনীয়াৰ ফলত প্ৰায় ১৫ টা পৰিয়ালৰ ভেটি মাটি নৈৰ বুকুত জাহ গৈছে আৰু এটা পৰিয়াল জাহ যোৱাটো নিশ্চিত বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ।

ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া

ABOUT THE AUTHOR

...view details